Priyanka Chopra: পিতৃৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই মাকৰ বাবে আয়োজন কৰিছিল পাৰ্টিৰ, আত্মীয়ই কৰিছিল ঠাট্টা-মস্কৰা !

গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাৰ অনুৰাগীসকলে ভালদৰেই জানে যে তেওঁ পিতৃ অশোক চোপ্ৰাৰ বহুত বেছি ভালপাই। কিন্তু তথাপিও তেওঁৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিছিল য’ত বহুত নাচ-গান হৈছিল, সেই কথা শেহতীয়াকৈ তেওঁৰ মাতৃ মধু চোপ্ৰাই উল্লেখ কৰিছিল।(Priyanka Chopra) প্ৰিয়ংকাৰ পিতৃ ভাৰতীয় সেনাৰ চিকিৎসক আছিল আৰু ২০১৩ চনত কেন্সাৰ ৰোগৰ সৈতে যুঁজি মৃত্যুবৰণ কৰিছিল। পিতৃৰ বিয়োগত প্ৰিয়ংকাই বহুত কষ্ট পাইছিল। কিন্তু, ইয়াৰ পিছতো দেউতাকৰ মৃত্যুৰ মাত্ৰ ৬ দিন পিছতেই মাতৃ মধু চোপ্ৰাৰ বাবে বিশেষ পাৰ্টিৰ আয়োজন কৰিছিল প্ৰিয়ংকাই।

এই পাৰ্টিত তেওঁ নিজৰ ছবি ‘দোস্তানা’ৰ সহ অভিনেতা জন আব্ৰাহামক নিমন্ত্ৰণ জনাইছিল আৰু এই পাৰ্টিত তেওঁ অংশগ্ৰহণ কৰিছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই এই ঘটনাৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ স্বামীৰ মৃত্যু হৈছিল ১০ জুনত আৰু তেওঁৰ জন্মদিন ১৬ জুনত। এই বিশেষ অনুষ্ঠানটোৰ বাবে স্বামীয়ে ইতিমধ্যে এটা ডাঙৰ পৰিকল্পনা কৰিছিল। অৱশ্যে তেওঁৰ মৃত্যুৰ পিছত গভীৰ শোকত ভাগি পৰিছিল সমগ্ৰ পৰিয়াল। কিন্তু প্ৰিয়ংকাই এই পাৰ্টি বাতিল কৰা নাছিল।

মধু চোপ্ৰাই ক’লে যে প্ৰিয়ংকাই সকলোকে এই পাৰ্টিত যোগদান কৰিবলৈ কৈছিল কাৰণ তাইৰ দেউতাকে এইটোৱেই বিচাৰিছিল। তেওঁ আৰু কয় যে প্ৰিয়ংকাই তেওঁৰ সুখৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। প্ৰিয়ংকাই জানিছিল যে তাইৰ মাকে জন আব্ৰাহামক বৰ ভাল পায়। সেয়ে মাজনিশা জনক ফোন কৰি পাৰ্টিৰ পৰিৱেশ আনন্দময় কৰি ৰাখিবলৈ কৈছিল, য’ত ডিজে আৰু সংগীতো আছিল। কিন্তু পৰিয়ালৰ একাংশ সদস্য এই কথাত সুখী নহৈ পাৰ্টিত উপস্থিত নাথাকিল।

এনে সময়ত পাৰ্টি কৰাটো তেওঁ উচিত বুলি অনুভৱ কৰা নাছিল। প্ৰিয়ংকাৰ এই সিদ্ধান্ততো পৰিয়ালৰ লোকে একমত নহ’ল। কিন্তু মধু চোপ্ৰাই ক’লে যে প্ৰিয়ংকাই দেউতাকৰ শেষ ইচ্ছা পূৰণৰ বাবে এই সকলোবোৰ কৰিছিল। তেওঁ ক’লে, ‘প্ৰিয়ংকাই স্পষ্টকৈ কৈছিল যে তাই দেউতাকৰ ইচ্ছাক সন্মান কৰিছে আৰু সকলোৱেও একে কাম কৰা উচিত।’

প্ৰিয়ংকা চোপ্ৰা দেউতাকৰ বহুত ঘনিষ্ঠ আছিল। প্ৰিয়ংকাৰ হাতত দেউতাকৰ টেটু। দেউতাকৰ মৃত্যুৰ পিছত বহুবাৰ আৱেগিক হৈ পৰিছে প্ৰিয়ংকা। প্ৰিয়ংকাই সদায় কৈছিল যে তাইৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ততে দেউতাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Related Articles