Priyanka Gandhi Slams Israel: গাজাৰ গণহত্যাক লৈ মৌন কিয় মোদী চৰকাৰ? প্ৰিয়ংকাৰ প্ৰশ্নৰ উত্তৰ দিলে ইজৰাইলে…

গাজাত ইজৰাইল সেনাই সংঘটিত কৰি আছে হত্যাকাণ্ড৷ (Priyanka Gandhi Slams Israel) হাজাৰ হাজাৰ লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছে৷ এনে অভিযোগ উত্থাপন কৰিবলৈ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে ছ’চিয়েল মিডিয়াৰ সহায় লৈছে৷ এই অত্যাচাৰৰ পিছতো মোদী চৰকাৰ কিয় মৌন হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ এই ঘটনাক লৈ ইজৰাইলে প্ৰিয়ংকাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ মঙলবাৰে গাজাত মৃতকৰ সংখ্যাৰ ওপৰত আলোকপাত কৰাৰ উপৰি প্ৰিয়ংকাই সাংবাদিক হত্যা এক জঘন্য অপৰাধ বুলি উল্লেখ কৰি কয় যে এই ঘটনাত মৌনতা অৱলম্বন কৰাৰ অৰ্থ হ’ল আক্ৰমণকাৰীক উৎসাহিত কৰা, যিটো আৰু ডাঙৰ অপৰাধ৷ প্ৰিয়ংকাই নিজৰ এক্স হেণ্ডেলত লিখিছে– ‘গাজাত ইজৰাইলে হত্যাকাণ্ড সংঘটিত কৰিছে৷ ৬০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ১৮,৪৩০ জন শিশু৷ শ শ লোকক খুৱাই নিদিয়াকৈ হত্যা কৰা হৈছে৷ ইয়াৰে অধিকাংশই শিশু৷ আৰু লাখ লাখ লোকক মৃত্যুৰ ভাবুকি দিয়া হৈছে৷ এই সকলোবোৰৰ মাজতো মৌন হৈ থকা মানে এই অপৰাধক সমৰ্থন কৰা৷’

মোদী চৰকাৰক সমালোচনা কৰি প্ৰিয়ংকাই লিখিছে– ‘ইজৰাইলে পেলেষ্টাইনৰ জনসাধাৰণৰ বিৰুদ্ধে ইমান জঘন্য অপৰাধ সংঘটিত কৰাৰ সময়ত ভাৰত চৰকাৰে অলসভাৱে থিয় হৈ থকাটো বৰ লজ্জাজনক কথা৷’ আন এটা পোষ্টত প্ৰিয়ংকাই লিখিছে– ‘পেলেষ্টাইনৰ মাটিত প্তজন সাংবাদিকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল৷

এই নিষ্ঠুৰতা আৰু ঘৃণাৰ জৰিয়তে সত্যৰ পক্ষত থিয় দিয়াৰ অজেয় সাহসক ইজৰাইলে দমন কৰিব নোৱাৰিব৷ আজিৰ পৃথিৱীত য’ত সংবাদ মাধ্যম ক্ষমতাৰ দাস হৈ পৰিছে, এই সাহসী লোকসকলে আমাক সাংবাদিকতাৰ প্ৰকৃত সাহস দেখুৱাইছে৷ তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক৷’ ইফালে ইজৰাইলে প্ৰিয়ংকাৰ এই মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰে কয় যে মৃত্যুৰ সংখ্যাক লৈ যি তথ্য দিয়া হৈছে সেয়া লজ্জাজনক৷ ইজৰাইলে ২৫ হাজাৰ হামাছৰ উগ্ৰপন্থীক হত্যা কৰিছে৷ আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাবে হামাছেই দায়ী৷ হামাছে সাধাৰণ নাগৰিকক ঢাল হিচাপে ব্যৱহাৰ কৰিছে৷ গণহত্যাৰ দাবী নাকচ কৰি তেওঁ কয় যে ইজৰাইলে গাজালৈ ২০ লাখ টন খাদ্য প্ৰেৰণ কৰিছে৷ হামাছে দিয়া পৰিসংখ্যাক বিশ্বাস নকৰিবলৈ আহ৩ান জনায় ৰিউভেনে৷

Related Articles