দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত যোৱা ১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দিবা নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগীৰ চূড়ান্ত খেল যোৱা নিশা অনুষ্ঠিত হৈ যায় ৷ সোণতলীৰ পুৰাণগাঁও এথলেটিকছ ক্লাৱৰ উদ্যোগত আৰু আৰাফা ৰয়েল একাডেমীৰ সহযোগত একাডেমীৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাৰ চূড়ান্ত খেল আৰাফা ৰয়েল একাডেমী আৰু আৰিয়ানছ গ্ৰুপৰ মাজত অনুষ্ঠিত হয় ৷ প্ৰতিযোগীতাত আৰাফা ৰয়েল একাডেমীয়ে বিজয়ী হোৱাৰ বিপৰীতে প্ৰতিযোগীতাত ৰাণাৰ্চ আপ হয় আৰিয়ানছ গ্ৰুপ ৷ ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনোদ চৌধুৰীয়ে আৰাফা ৰয়েল একাডেমীৰ হৈ খেলি প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ৷ প্ৰতিযোগীতাৰ চূড়ান্ত খেলৰ অন্তত আৰাফা ৰয়েল একাডেমীৰ খেল পথাৰতে মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ পুৰাণগাঁও এথলেটিকছ ক্লাৱৰ সভাপতি নুৰ আলম খানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি ও বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাৱৰ সম্পাদক ৰহমত উল্লাহ ৷ উক্ত সভাতেই প্ৰতিযোগীতাৰ বিজয়ী আৰু ৰাণাৰ্চ আপ দলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হয় ৷ সভাত প্ৰাক্তন ডি এফ অ ভৱেশ দাসৰ লগতে স্থানীয় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷

