Breaking

অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…

0 48

অধ্যাপক,বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ মৃত্যু
চন্দ্ৰপৃষ্ঠৰ “মাটি” সংগ্ৰহ কৰি ৰাইজক দিছিল চোৱাৰ সুযোগ
মাদুৰি- মেছাগড়ত শোক

ৰাজ্যৰ বিশিষ্ট বিজ্ঞানী মৰাণ লাচিত নগৰৰ নিবাসী তথা অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ হায়দৰাবাদৰ এখন চিকিৎসালয়ত পৰহি মৃত্যু হয়। কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকাত পৰিয়ালৰ লোকে হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও পৰহি বিয়লি তেওঁৰ মৃত্যু ঘটে। তেওঁৰ মৃত্যুৰ বাতৰিত জন্মস্থান শিৱসাগৰ জিলাৰ মাদুৰি- মেছাগড় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। ১৯৩৯ চনত মাদুৰি গোহাঁই গাঁৱত জন্ম গ্ৰহণ কৰা ড° মহেন্দ্ৰ বৰগোহাঞি ছাত্ৰাৱস্থাৰ পৰাই তীক্ষ্ণ মেধা সম্পন্ন আছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী, প্ৰয়ুক্তি বিদ্যাত নিপুণ ডঃ বৰগোহাঞিয়ে মাদুৰি আৰু নাজিৰাত স্কুলীয়া শিক্ষা সফলতাৰে সম্পন্ন কৰি কটন মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। ১৯৬২ চনত কটন মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে।

পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ১৯৬৫ চনত ৰসায়ন বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। তেওঁ অধ্যক্ষ পৰাগধৰ চলিহাৰ আমন্ত্ৰণ ক্ৰমে শিৱসাগৰ মহাবিদ্যালয়ত দুবছৰ অধ্যাপনা কৰে আৰু এই সময়ছোৱাতে “ইউজিচি’ৰপৰা জলপানি লাভ কৰে । তেওঁ অসম চৰকাৰৰ জলপানিৰে ইংলেণ্ডৰ বৃষ্টল বিশ্ববিদ্যালয়ত বিখ্যাত বিজ্ঞানী তথা অধ্যাপক ড° এগলিটনৰ তত্বাৱধানত গৱেষণা কাৰ্য্যত ব্ৰতী হয়। ১৯৭১ চনত গৱেষণা কাৰ্য্য সফলতাৰে সম্পন্ন কৰি দেশ – বিদেশৰ গৱেষক সকলৰ ভিতৰত দ্বিতীয় স্থান লাভেৰে সম্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। মন কৰিব লগীয়া যে বৃষ্টল বিশ্ববিদ্যালয়ত গৱেষণা কৰা সময়তে তেওঁ চন্দ্ৰপৃষ্ঠৰ “মাটি”ৰো গৱেষণা কৰাৰ এক সুযোগ লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ চন্দ্ৰপৃষ্ঠৰ সেই “মাটি” এটা সৰু কাচৰ বটলত সংৰক্ষণ কৰি মেছাগড় – মাদুৰিৰ স্থানীয় ৰাইজক নিজে চোৱাৰ এক বিৰল সুয়োগ দিয়ে। উল্লেখযোগ্য যে চন্দ্ৰপৃষ্ঠৰ সেই “মাটি” বৰ্তমানলৈকে তেখেতৰ গৃহত সংৰক্ষিত হৈ ৰৈছে। তেওঁৰ “Thermal and Catalytic Alernation of Biolipids and Kerogen” শীৰ্ষক গৱেষণা পত্ৰ‌ই সেই সময়ত বিজ্ঞানী মহলত বিশেষ চৰ্চা লাভ কৰিছিল। তেওঁ আমেৰিকাৰ বিখ্যাত “Secony Oil Company ” য়ে আগবঢ়োৱা উচ্চপদস্থ বিষয়াৰ পদ নাকচ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল। কিছু বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি তেওঁ নামৰূপৰ অসম পেট্ৰকেমিকেলচত যোগদান কৰে আৰু এই সময়ছোৱাতে আধুনিক তথ্য প্ৰযুক্তি আৰু কৌশলৰ উচ্চ শিক্ষা আহৰণৰ বাবে লণ্ডন আৰু চান -ফ্ৰানচিছকলৈ যায়.।.

কেইবাবছৰো ধৰি অধ্যয়নৰ পিছত লাভ কৰা অভিজ্ঞতাক কৰ্মক্ষেত্ৰত সফলতাৰে প্ৰয়োগ কৰি তেওঁ অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনক আগুৱাই নিয়াত বৰঙণি আগবঢ়ায়। অসম পেট্ৰকেমিকেলচত দীৰ্ঘদিন ধৰি কাৰ্য্যবাহী সঞ্চালক পদত কাৰ্য্যনিৰ্বাহ কৰা ড° মহেন্দ্ৰ বৰগোহাঞিয়ে ১৯৯৯ চনত পদবীৰপৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পৰৱৰ্ত্তী কালতো তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একজিকিউটিভ কাউঞ্চিলৰ সদস্য, ডিব্ৰগড় বিশ্ববিদ্যালয়কে ধৰি বহু কেইখন বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছাৰ ৰূপে সেৱা আগবঢ়াইছিল। ছাত্ৰ অৱস্থাৰে পৰা কাব্য-চৰ্চা আৰম্ভ কৰা ড° বৰগোহাঞিৰ প্ৰকাশিত কবিতা পুথি হৈছে “হিয়াৰ হাৰ” । বহু শৈক্ষিক, সামাজিক অনুষ্ঠানৰ লগত জড়িত বৰগোহাঞি সদৌ বৰগোহাঞি বংশাৱলীৰ উপদেষ্টা আছিল । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভগ্নী বুলবুল গগৈ- বৰগোহাঞিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা বিশিষ্ট বিজ্ঞানীজনৰ দুই পুত্ৰ বৰ্তমান নিজ নিজ কৰ্ম ক্ষেত্ৰত প্ৰতিষ্ঠিত। তেওঁৰ মৃত্যুত জন্মস্থান মাদুৰি তথা বৃহত্তৰ মেছাগড়বাসীৰ লগতে সদৌ বৰগোহাঞি বংশাৱলীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁৰ অন্তিম সৎকাৰ আজি সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply