Breaking

গুৱাহাটী প্ৰেছ ক্লাবত অধ্যাপিকা ৰঞ্জিতা শৰ্মাৰ কবিতা সংকলন আৰু প্ৰবন্ধ সংকলন উন্মোচন

0 62

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত লেখিকা আৰু কলাইগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ৰঞ্জিতা শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ দুখন হল ক্ৰমে – কবিতা সংকলন ‘জোনাকী আকাশ দেখা নাই বহুদিন’ আৰু প্ৰৱন্ধ সংকলন ‘ প্ৰৱন্ধ বিচিত্ৰা’।

অনুষ্ঠানত তিনিমাহ পূৰ্বে ১৭ মাৰ্চত স্বৰ্গগামী হোৱা লেখিকাৰ স্বামী তথা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা প্ৰয়াত তাৰিণী কুমাৰ শৰ্মাৰ সোঁৱৰণত প্ৰকাশ কৰা ‘স্মৃতিঅৰ্ঘ’ শীৰ্ষক এখন সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয়।

আনহাতে এই উপলক্ষে ড° ভবভুতি শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত গ্ৰন্থ কেইখন উন্মোচন কৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° পূৰ্ণ ভট্টাচাৰ্য্য , গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ড° সেউজী শৰ্মা গুৱাহাটী মহানগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী সবিতা দেৱী আৰু প্ৰগতিশীল লেখক মুকুট শৰ্মাই।

আটাকেইগৰাকী উন্মোচকে লেখিকা ৰঞ্জিতা শৰ্মাৰ সাহিত্য প্ৰতিভাৰ প্ৰশংসা কৰে আৰু আগলৈও যাতে পাঠক সমাজক এনে ধৰণৰ গ্ৰন্থ উপহাৰ দিয়ে তাৰ কামনা কৰে। অনুষ্ঠানত লেখিকা ৰঞ্জিতা শৰ্মাই গ্ৰন্থ দুখন সন্দৰ্ভত নিজৰ অনুভব ব্যক্ত কৰি পাঠক সমাজে আদৰি লব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত লেখিকাৰ তিনি ককাই – ভাই ক্ৰমে ড° জয়ন্ত দেৱ শৰ্মা , ড° প্ৰশান্ত শৰ্মা আৰু সীমান্ত শৰ্মা , লেখিকা মণিৰূপা মিশ্ৰকে ধৰি কেবাজনো বিশিষ্ট লোক, প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সম্পাদক ড° সিদ্ধাৰ্থ নয়ন শৰ্মাকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে ।

Leave A Reply