কাকজান মহাবিদ্যালয়ত ‘সাম্প্ৰতিক বিশ্বত ধ্ৰুপদী সাহিত্যৰ বিশ্লেষণ’ শীৰ্ষক অনুষ্ঠান

কাকজান মহাবিদ্যালয়ত মঙলবাৰে ইংৰাজী বিভাগৰ ইংলিচ ষ্টাডি আৰু লিটাৰেৰী ফ’ৰাম’ৰ উদ্যোগত  সাম্প্ৰতিক বিশ্বত ধ্ৰুপদী সাহিত্যৰ বিশ্লেষন শীৰ্ষক  অনুষ্ঠান সম্পন্ন হয়  । বিশিষ্ট অনুবাদক তথা সংগীতশিল্পী, ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি বঁটা প্ৰাপক ৰঞ্জন বেজবৰুৱাই সমল ব্যক্তি হিচাপে  অংশগ্ৰহণ কৰে । 

বিভাগীয় মূৰব্বী অধ্যাপক ড০ পংকজ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে উপাধ্যক্ষ ড০বিজয়লক্ষ্মী নেওঁগে ।এই অনুষ্ঠানত সংগীত শিল্পী গৰাকীয়ে বহু অসমীয়া ভাষাৰ গীত সংস্কৃত ভাষাত পৰিৱেশন কৰে । তেওঁ এইকথাও গীতৰ মাজেৰে উপস্থাপন কৰে যে আধুনিক চিন্তাধাৰাৰ গীত বা গীতি সাহিত্য এটাৰ পৰা অন্য এটালৈ প্ৰবাহিত হয় । 

অনুষ্ঠানৰ আৰম্ভনিতে ইংৰাজী বিভাগৰ ছাত্র- ছাত্ৰী সকলে মহাকবি কালিদাসৰ অমৰ সৃষ্টি ” অভিজ্ঞান শকুন্তলম ” বঙালী ভাষাত থোৰতে পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে । ছাত্ৰী ৰীতামনি বৰাই ইংৰাজী ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণৰ সূত্ৰধাৰী নৃত্য পৰিৱেশন কৰি সকলোকে দৃষ্টি আকৰ্ষণ কৰে  ।


বিৰাজ বৰা,কাকজান

Related Articles