Breaking

প্ৰগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক ‘যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘বসুধা মিত্র’ উপাধি প্ৰদান

0 36

বিগত চাৰিটা বৰ্ষৰ দৰে এইবাৰো তেজপুৰৰ সৰবৰহী ব্যৱসায়ী, বিশিষ্ট ক্ৰীড়াবিদ প্রয়াত পৱন কুমাৰ নাথৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি আয়োজন কৰা ‘যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘বসুধা মিত্র’ উপাধি প্ৰদান অনুষ্ঠানত শনিবাৰে চিৰাং জিলাৰ শান্তিপুৰ শালবাৰী নিবাসী প্ৰগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়।


এই বঁটাত আছে নগদ ধনৰ লগতে এখন প্ৰশস্তি পত্ৰ, আৰু উপহাৰৰ টোপোলা। উল্লেখ্য যে, ২০২০ বৰ্ষত প্রথম বাৰৰ বাবে যুৱ ব্যৱসায়ী বঁটাৰে সন্মানিত কৰা হৈছিল বিশিষ্ট ৰন্ধন বিশেষজ্ঞ তথা উদ্যোগী ব্যক্তি অতুল লহকৰক। ২০২১ বৰ্ষত এই বঁটা আগবঢ়োৱা হৈছিল পথাৰ কন্যা নৱনিতা দাসলৈ, ২০২২ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰকৃতিপ্রেমী তথা উদ্যোগী মহিলা ড॰ পূৰ্ণিমা দেৱী বৰ্মনক আৰু ২০২৩ বৰ্ষত মৎস্য উদ্যোগী অনুপ কুমাৰ শৰ্মা লৈ আগবঢ়োৱা হয় এই সন্মান।

মাত্ৰ ৫৬ বছৰ বয়সতে অকালতে কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ নিবাসী টাইকোৱাণ্ডোৰ ব্লেকবেল্ট পৱন কুমাৰ নাথৰ স্মৃতিত সৃষ্টি ইণ্টাৰনেচনেল চ’চাইটিৰ উদ্যোগত বিগত চাৰিটা বৰ্ষৰ দৰে এইবাৰো সমাজ হিতৈষী পৱন কুমাৰ নাথৰ জন্মদিনৰ লগত ৰজিতা খুৱাই প্রগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক তেখেতৰ বাসগৃহতে পৱন কুমাৰ নাথৰ পৰিয়ালে ’যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘ বসুধা মিত্র’ উপাধি প্রদান কৰাৰ লগতে পৱন কুমাৰ নাথৰ কৰ্মৰাজিক সামৰি https://pawankrnath.co.in ৱেবচাইটতো মুকলি কৰে।


সমৰ কলাক মনে – প্রাণে ভালপোৱা এৰাকী ক্রীড়াপ্রমী ব্যক্তি আছিল পৱন কুমাৰ নাথ। দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত ‘সমৰ কলা’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্রয়াত নাথে সুনাম কঢ়িয়াই আনিছিল ৰাজ্যখনলৈ । অতি ধাৰ্মিক তথা মঠ মন্দিৰ দৰ্শন কৰি ভাল পোৱা মেধাসম্পন্ন ব্যক্তিগৰাকীয়ে , ৰাজ্যখনৰ ব্যৱসায়িক জগতখনতো কম বয়সতে খোপনি পুতিছিল। স্বীকৃতি লাভ কৰিছিল জিলা প্রশাসনৰ ফালৰ পৰা । ২০১৮ বৰ্ষৰ গণৰাজ্য দিৱসৰ দিনটোত শোণিতপুৰ জিলা প্রশাসনে এইগৰাকী উদ্যোগী তথা সফল যুৱ ব্যৱসায়ীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

সমাজখনৰ বাবে কিবা এটা কৰাৰ এবুকু হেঁপাহ লৈ বহুজনক স্ব-নিয়োজনৰ বাঁট দেখুৱাই দিয়াৰ লগতে সংস্থাপনো দিছিল পৱন কুমাৰ নাথে ।সেয়েহে সমাজ হিতৈষী পৱন কুমাৰ নাথক পুণ্য জন্মদিনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছে পৱন কুমাৰ নাথৰ পৰিয়ালৰ লগতে সৃষ্টি ইন্টাৰনেশ্বনেল চচাইটিয়ে।

এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত পৱন নাথৰ সহধৰ্মিনী মিনাক্ষী চহৰীয়া নাথ, খুলশালী, জনপ্ৰিয় কন্ঠশিল্পী ড॰ মৌচুমী চহৰীয়া, তেজপুৰৰ সাংস্কৃতিক কৰ্মী তথা বঙাইগাঁও ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিশ্বজ্যোতি শইকীয়া, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শোণিতপুৰ জিলাৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত চহৰীয়া, মনালিছা দাসৰ লগতে স্থানীয় একাংশ ব্যক্তি উপস্থিত থাকে।

Leave A Reply