Breaking

বিশিষ্ট ফুটবল খেলুৱৈ, বনবিভাগৰ অৱসৰী বিষয়া উমেশ চন্দ্ৰ দাসৰ মৃত্যু…

0 1,060

নলবাৰী চহৰৰ বাৰ নং ৱাৰ্ডৰ বিষ্ণুপুৰ (খাট) নিবাসী এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা অসম চৰকাৰৰ বন বিভাগৰ অৱসৰ প্ৰাপ্ত ৰেঞ্জাৰ উমেশ চন্দ্ৰ দাসৰ আজি মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪বছৰ‌। নলবাৰী ক্ৰীড়া সন্থাকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থকা প্ৰয়াত দাস এগৰাকী বিশিষ্ট খেলুৱৈ আছিল। তেওঁ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ সু-বাদতেই বনবিভাগত চৰকাৰী চাকৰি পোৱাৰ সুযোগ পাইছিল।

তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ: দুজন পুত্ৰ, তিনিগৰাকী জীয়ৰীৰ লগতে বহুআত্মীয়ক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান ,ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে।

Leave A Reply