একমুখী নীতি-নিয়মেৰে এখন সমাজে আন এখন সমাজক বিপদে-আপদে উদ্ধাৰ কৰিব পৰাকৈ নটা মৌজাৰ এশ বাইশখনৰো অধিক গাঁৱৰ প্ৰতিনিধি মিলি প্ৰতি বছৰে পৃঠক নামঘৰত যোৰহাট জিলাৰ সাৰ্বজনীন আঞ্চলিক ভিত্তিত অখণ্ড ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ দক্ষিণ যোৰহাটৰ নামনি তিমতিমীয়া নামঘৰত আয়োজন চলিছে। শিশু-মহিলা সকলোকে সমানে অগ্ৰাধিকাৰ প্ৰদানেৰে ৩০ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ষোল্ল দিনীয়া বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। বিস্তৃত কাৰ্যসূচীৰ প্ৰচাৰ সমল গায়ন-বায়ন, দবা-শংখ বাদন তথা আধ্যাত্মিকতাৰে শুভাৰম্ভ হৈ যায়। কেন্দ্ৰীয় সমিতিৰ সভাপতি ভোলাৰাম গগৈ, সাধাৰণ সম্পাদক ডম্বৰুধৰ গগৈ, উপ-সভাপতি ঠগীৰাম বৰা, গাণনিক আনন্দৰাম গগৈ, চক্ৰ সভাপতি হিৰেণ বৰুৱা, পুলিন গগৈ, খগেশ্বৰ গগৈকে ধৰি ভক্ত প্ৰতিনিধি, আই-মাতৃসকলে তথ্য-সমল উন্মোচন কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল প্ৰাণ গগৈ আৰু সাহিত্য সমিতিৰ সম্পাদক বিনোদ গগৈ পৰিচালনাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত নামঘৰৰ সম্পাদক টেপুৰাম গগৈ, স্মৃতিগ্ৰন্থৰ সহযোগী সম্পাদক ৰাণাজিৎ গগৈ, উত্তম কুমাৰ শইকীয়া, নৱজ্যোতি গগৈ, দিহানাম প্ৰতিযোগিতাৰ কাৰ্যকৰী সভাপতি বিনয় কুমাৰ শইকীয়া প্ৰমুখ্যে বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে।

