১০ জুন ২০২৫ :- protest । ২০১১ চনত তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি অন্য কেইবাটাও সংগঠনৰ নেতাৰ নেতৃত্বত লখিমপুৰৰ-ধেমাজিত চলিছিল বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গণ আন্দোলন।লখিমপুৰ জিলাৰ বগীনদীৰ ঘাগৰ তিনিআলিত সেই বছৰৰ ১৬ জুনৰ দিনা পথ অৱৰোধেৰে জংগী প্ৰতিবাদ হৈছিল নদীবান্ধ নিৰ্মাণকাৰী সংস্থা এন,এই,পি,ছি’ৰ বিৰুদ্ধে।সেইদিনাই আকৌ ঢকুৱাখনাৰ ২ নং কাঠগাঁৱৰ ঘৰৰ পৰা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া দুয়ো শাহু-বোৱাৰী লগ হৈ ফুৰিবলৈ গৈছিল লখিমপুৰলৈ আত্মীয়ৰ ঘৰলৈ।তেওঁলোক যোৱা বছখনো গৈ ঘাগৰৰ প্ৰতিবাদস্থলীৰ ওচৰত পথত আবদ্ধ হৈ পৰিছিল পথ অৱৰোধেৰে কৰা বিভিন্ন সংগঠনে অব্যাহত ৰখা আন্দোলনৰ বাবে।গাঁৱৰ হুজা মানুহ দুগৰাকীয়ে পথত ধেৰ মানুহ দেখি কি হৈছেনো গম লবলৈ বুলি গাড়ীৰ পৰা নামি গৈছিল চাবলৈ।দুয়ো শাহু-বোৱাৰীয়ে কি ঘটিছে গম লোৱাৰ আগতেই ঠিক সেই সময়তেই আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্চ কৰিছিল।

লাঠি চাৰ্চ,কন্দুৱা গেছ প্ৰয়োগৰ ফলত বহু লোক ছত্ৰভংগ দি পলাল যদিও প্ৰতিবাদস্থলীৰ সমীপত পোৱা তেতিয়াৰ কৃষক নেতা অখিল গগৈকে ধৰি বহু সংখ্যক লোকক আৰক্ষীয়ে আটক কৰি নিছিল। লখিমপুৰ সদৰ থানালৈ আৰক্ষীয়ে আটক কৰি লৈ যোৱা সেই আন্দোলন কাৰী সকলৰ মাজত গাড়ীৰ পৰা নামি কি হৈছে চাবলৈ যোৱা শাহু-বোৱাৰীকো লৈ গৈছিল তেতিয়াৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আৰক্ষীয়ে আন্দোলনকাৰী সজাই। তেতিয়াই সংবাদ মাধ্যমক জনোৱা মতে-তেওঁলোক দুয়োগৰাকীয়ে নদীবান্ধ আন্দোলনৰ লগত জড়িত নহয় বুলি অনেক কাকুটি-মিনতি কৰিছিল যদিও আৰক্ষীয়ে এৰি নিদিলে।
লৈ গ’ল আটক কৰি লখিমপুৰ সদৰ থানালৈ।আৰু লখিমপুৰ সদৰ থানাৰ লকাপত এৰাতি ৰাখি পিছদিনা মহিলা দুগৰাকীৰ সৈতে অখিল গগৈসহ সকলো আন্দোলনকাৰীক প্ৰেৰণ কৰিছিল লখিমপুৰ জিলা কাৰাগাৰলৈ। এই ঘটনাৰ পিছত লখিমপুৰ জিলা আদালতত চলি থকা গোচৰত অভিযুক্ত হৈ অখিল গগৈয়ে ৭ মাহ কাৰাবাস খাতিব লগাৰ বিপৰীতে ঢকুৱাখনাৰ ২ নং কাঠগাঁৱৰ লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়াই ৩ মাহ জেলৰ ভাত খাব লগা মিছাতেই পাকত পৰি।
কৃষক মুক্তি সংগ্ৰাম সমিতি কি ? এই নদীবান্ধ আন্দোলন কিয় কৰা হৈছে ? কোনে কোনে আন্দোলন কৰিছে ? একোৱে বুজি নোপোৱাহুজা গাঁৱলীয়া মহিলা দুগৰাকী সেইদিনা টালি-টোপোলা লৈ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ ঘাগৰত গাড়ীৰ পৰা নামি আন্বাদোলন চাওঁতেই হৈ পৰিল নদীবান্ধ আন্দোলনৰ নেত্ৰী !
মিছাতেই ৩ মাহ কাৰাবাস খাটি অৱশেষত জামিন পালে যদিও আজি ১৪ টা বছৰে মাহৰ পিছত মাহ, তাৰিখৰ পিছত তাৰিখ ঢকুৱাখনাৰ কাঠগাঁৱৰ ঘৰৰ পৰা ৯০ কি:মি: দূৰত্বৰ লখিমপুৰ জিলা আদালতলৈ অহা-যোৱা কৰি টকা-পইচা খৰছ কৰি একেবাৰে জুৰুলা,নিৰুপায় হৈ পৰিছে জীৱনৰ বিয়লি বেলাত উপনীত হোৱা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া আইতা।

উল্লেখ্য যে ৮৭ বছৰীয়া লাহেশ্বৰী চুতীয়া বিশেষ
ভাৱে সক্ষম হোৱাৰ লগতে বৰ্তমান স্তনৰ কৰ্কট ৰোগত চিকিৎসাধীন হৈ আছে;লাঁখুটিৰ সহায়ত কোনোমতে ঘৰৰ বাহিৰ ভিতৰ কৰিব পাৰে। চকুৰেও কম দেখে,কানেৰে নুশুনে ভালদৰে।
এনে এগৰাকী বৃদ্ধা মহিলাই এতিয়া মাহে মাহে আদলতত হাজিৰ হবলৈ যায় কি দৰে ?
পৰিয়ালৰ লোকে জনোৱমতে আদালতৰ যোৱা কেইবাটাও তাৰিখ মিছ হৈছে লাহেশ্বৰী আইতাৰ।
যাৰ বাবে ঘিলামৰা থানাৰ পুলি আহি পুনৰ কৰ্টত হাজিৰ হ’বলৈ নিৰ্দেশ দি গৈছে।এই নদীবান্ধ আন্দোলনৰ জড়িয়তেই ৰাজনৈতিক জীৱনৰ সফল আৰম্ভণি ঘটাই নদীবান্ধ আন্দোলনকাৰী
অখিল গগৈ বিধায়ক হ’ল ডাঃ ৰণোজ পেগু মন্ত্ৰী হ’ল,আৰু বহু আন্দোলনকাৰী আজি অসমৰ প্ৰভাৱশালী নেতা হ’ল।কিন্তু আজিলৈ এই দুগৰাকী আইতাৰ এটা খবৰ লবলৈ কাৰো আহৰি নহ’ল !
নদীবান্ধনো কি ? আৰু নদীবান্ধ আন্দোলনটোনো কোনে কোনে কৰিছিল ? তাৰ একো এটাও ভূ নোপোৱা ঢকুৱাখনাৰ এই দুগৰাকী আইতাই এতিয়া বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়।তেওঁলোকক বাটৰ পৰা ধৰি নি মিছাতেই আৰক্ষীয়ে নদীবান্ধ আন্দোলনৰ আন্দোলনকাৰী বুলি জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰি জীৱনৰ অন্তিম দিনকেইটা শান্তিৰে কতোৱাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ প্ৰতি দুইগৰাকী আইতাই কাতৰ আহ্বান জনাইছে।