লাহৰীঘাটত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ বিদ্যুৎ বঞ্চিত গ্ৰাহকৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তৰাবৰীত চাৰিমাহ ধৰি বিদ্যুৎৰ পৰা বঞ্চিত হৈ আছে লাহৰিঘাট বিদ্যুৎ উপ সংমণ্ডৰ অধীনস্ত কাঠনিৰ  তৰাবৰীবাসী।গাঁওখনত বিদ্যুৎৰ যোগান দিয়া ট্ৰেন্সফৰ্মাৰটো হঠাৎ বিকল হৈ পৰাত এতিয়া বিপদত পৰিছে গাওঁখনৰ ৰাইজে। কিয়নো বিদ্যুৎ বিভাগে ট্ৰেন্সফৰ্মৰত বাকী থকা সম্পূৰ্ণ বিল আদায় নিদিয়ালৈকে বিদ্যুৎৰ সংযোগ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীক।গড়খহনীয়াৰ কবলত পৰা গাঁওখনৰ বিদ্যুৎৰ কিছু  গ্ৰাহক  অন্য ঠাইলৈ ঢাপলিমেলাত এতিয়া সম্পূৰ্ণ বিল আদায় দিয়াত অসম্ভব হৈ পৰিছে গাঁওবাসীৰ।যাৰ কাৰণে বিল আদায় দিয়া গ্ৰাহকো এতিয়া বিদ্যুৎৰ মুখ নেদেখা হৈছে।সম্প্ৰতি প্ৰচণ্ড ৰ’দ আৰু নিশাৰ ভাগতো উৎকট গৰমত চৰম অস্বস্তিত ভুগিছে কাঠনিৰ তৰাবৰীৰ বাসিন্দাসকলে ।উপায়ন্তৰ হৈ এতিয়া  বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে বিদ্যুৎৰ পৰা বঞ্চিত লোক সকলে ।এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জড়িয়তে শক্তি মন্ত্ৰী  বিমল বৰাৰ সহায় বিচাৰিছে তৰাবৰীৰ বাসিন্দাসকলে।

Related Articles