কালিৰ লংকা উদালি কাণ্ডৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যতে চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।
আজি হোজাইৰ নতুন বজাৰ স্থিত FRU ত চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
লংকাত ক’ভিড চিকিৎসালয়ত নিয়োজিত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দিয়াৰ বিৰুদ্ধে ডাক্তৰ, নাৰ্চ আৰু কৰ্মচাৰী সকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।
উদালি কাণ্ডৰ লগত জড়িত দুস্কৃতি কাৰী সকলক গ্ৰেপ্তাৰ কৰাৰ লগতে এক দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি আহ্বাবান জনায় ।
আনহাতে চিকিৎসা কেন্দ্ৰ বোৰত চৰকাৰে চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ নিৰপদৰ বাবে সুৰক্ষা ৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায়।
হোজাইৰ নতুন বজাৰ FRUত চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ

