ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । AJYCP ৰঙিয়া জিলা সমিতিৰ উদ্যোগত ৰঙিয়াত শ্মশান যাত্ৰা কাৰ্যসূচী ৰূপায়ন ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা অসম চৰকাৰ যোগান মন্ত্ৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

ৰঙিয়া নগৰৰ মাজমজিয়াত আৰম্ভ কৰা শ্মশান যাত্ৰাত ছাত্ৰ সংগঠনটোৰ কৰ্মী সকলে ৰঙিয়া নগৰৰ মুল পথসমুহেৰে পৰিভ্ৰমণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পিছত যোগান মন্ত্ৰীৰ প্ৰতিকী শৱদেহ বৰলীয়া নৈত উটুৱাই দিয়ে ।

