বঙাইগাঁৱৰ ভাণ্ডাৰত দলং নিৰ্মাণৰ বাবে প্ৰতিবাদ…

বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ ভাণ্ডাৰা বজাৰৰ পৰা জামদহা লৈ যোৱা ৰাস্তাৰ মাজৰ কাঠৰ দলঙত পাৰাপাৰ হোৱাত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে বৃহত্তৰ অঞ্চল বাসি । বহু বছৰ পূৰ্বে ভাণ্ডাৰা জামদহা সংযোগী পথত এখন কাঠৰ দলং নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছিল যদিওঁ নিৰ্মাণৰ পিছৰ পৰাই দলঙৰ দুয়ো পাৰৰ মাটি খহি পৰে। দলঙৰ এপ্ৰোচ নথকাৰ বাবে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে দলঙত জখলা বগাই  পাৰাপাৰ হব লগা হৈছে।

উল্লেখ্য যে প্ৰতিবছৰে দলঙৰ এপ্ৰোচৰ বাবে চৰকাৰে বাৰে বাৰে ধন আবন্টন হয় যদিওঁ সকলো ধন একাংশ  জনপ্ৰতিনিধিৰ লগতে দালালে আত্মহাত কৰি পেলায় । দলংখন যেন সোনৰ কণী দিয়া হাহঁত পৰিনিত হৈছে একাংশ জনপ্ৰতিনিধিৰ বাবে। শীঘ্ৰেই দলংখনৰ এপ্ৰোচৰ কাম কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰক দাবী জনাই ভান্ডাৰা বাসী ৰাইজে এক প্ৰতিবাদ কৰে।

Related Articles