মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলিক সমিতিৰ বিক্ষোভ কাৰ্যসূচী।বিক্ষোভ কার্যসূচীত অংশ লয় ৰাভা ছাত্র সন্থা, শৰণীয়া কছাৰী ছাত্র সন্থাৰ উপৰিও কেইবাটাও জাতীয় ছাত্র সংগঠনৰ নেতা কৰ্মী।বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি ৰাজপথত প্ৰতিবাদত নামিল ছাত্র ছাত্ৰীও।ৰাজ্যজুৰি পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দি উত্তাল কৰিলে তামুলপুৰৰ ৰাজপথ।তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোৱে তামুলপুৰ জিলা সদৰৰ ৰাজপথ পৰিভ্ৰমণ কৰি এইদৰে বিক্ষোভ প্ৰদৰ্শন কৰে।
বিক্ষোভ কার্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, সদৌ বাক্সা জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি সোনেশ্বৰ কলিতাই।

