সমগ্ৰ অসমৰ লগতে ওদালগুৰিৰ দৰে সৰু নগৰ খনতো অস্বাভিক হাৰত পৌৰকৰ বৃদ্ধি কৰাত অতিষ্ঠ হৈ পৰিছে ওদালগুৰি নগৰবাসী। পৌৰ সভাৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত আজি ওদালগুৰি নাগৰিক অধিকাৰ দাবী সমিতিৰ উদ্যোগত ওদালগুৰি বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাংগনত দুই ঘনিটীয়া অৱস্হান ঘৰ্মঘট পালন কৰা হয়। বৰ্ধিত পৌৰকৰ প্ৰত্যাহাৰ কৰা আৰু পাইলট প্ৰজেক্টৰ নামত এবছৰ পুৰ্বৰ পৰাই কৰ সমগ্ৰহ কৰা বন্ধ কৰাৰ ক্ষেত্ৰত ওদালগুৰি নাগৰিক অধিকাৰ দাবী সমিতিয়ে ওদালগুৰি পৌৰ সভা আৰু বি টি চিৰ মুখ্যকাৰ্যবাহীক আপত্তি দৰ্শাই অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত উক্ত প্ৰতিবাদী কাৰ্যসুচী গ্ৰহন কৰা হৈছে বুলি নাগৰিক অধিকাৰ দাবী সমিতিৰ সম্পাদক দীপক শৰ্মাই মত প্ৰকাশ কৰে।

প্ৰতিবাদৰ পিছতো কোনো গুৰুত্ব নিদিলে ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে।
অৰূপ বড়োৰ প্ৰতিবেদন