নৰক কুণ্ডত পৰিণত হৈছে এখন ঐতিহাসিক চহৰ । শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চাফাই কৰ্মীসকলে ধৰ্মঘট কৰাৰ ফলতে এক অভাৱনীয় দোৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ঐতিহাসিক শিৱসাগৰ চহৰখনত। বিগত শণিবাৰৰ পৰা দৰমহা বৃদ্ধি কৰা আৰু চাকৰি স্থায়ীকৰন কৰাৰ দাবীত চাফাই কৰ্মীসকলে অব্যাহত ৰাখিছে ধৰ্মঘট। ফলত চহৰৰ চৌদিশে দ’ম বান্ধিছে জাবৰে । ইয়াৰ মাজতে সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। চাফাই কৰ্মীসকলৰ দাবীৰ প্ৰতি পৌৰসভাৰ শীৰ্ষ নেতৃত্বই কোনো গুৰুত্ব নিদি উপলুঙাহে কৰা বুলি অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ।


বছৰ বছৰ ধৰি চাফাই কাম কৰি অহাৰ পিছতো পৌৰসভাৰ বিষয়ববীয়া সকলে বৰ্তমান চাফাই কৰ্মীসকলৰ দাবীক কাণ-সাৰ নিদিয়াৰ লগতে দাবী মানি লোৱাৰ পৰিৱৰ্তে কামৰ পৰাহে অব্যাহতি দিয়াৰ ভাবুকি দিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে চাফাই কৰ্মীসকলে। জিলা প্ৰশাসনৰ বিষয়ববীয়া, পৌৰনেত্ৰীৰ সন্মুখতে ক্ষোভ উজাৰে চাফাই কৰ্মীসকলে । ইপিনে চাফাই কৰ্মীসকলৰ দাবী বৰ্তমান মানি ল’ব পৰা নহ’ব বুলি ইংগিত দিছে শিৱসাগৰ পৌৰসভাই।
এনে পৰিস্থিতিত কোনোপধ্যেই ধৰ্মঘট প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে চাফাই কৰ্মীসকলে । ফলত দুই ম’হৰ যুঁজত আবৰ্জনাৰ পাহাৰ সৃষ্টি হোৱাত দুৰ্ভোগ ভুগিছে চহৰবাসী ৰাইজে।

