Breaking

এফালে প্ৰতিবাদ, আনফালে যমুনামুখত বিধায়ক ছিৰাজুদ্দিন আজমলৰ আধাৰশিলা

0 51

যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে আজি সমষ্টিটোৰ মোৰাঝাৰ অঞ্চলত পূৰ্ব নিৰ্ধাৰিত কেবাটাও কাৰ্যসূচীত ভাগ ল’বলৈ যাওতে মোৰাঝাৰৰ চাৰিং পথাৰত ৰাইজৰ তীব্ৰ প্ৰশ্নবানৰ সন্মুখীন হ’ব লগা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সমষ্টিটোৰ বহুকেইটা জৰাজীৰ্ণ পথ মেৰামতি নকৰাৰ বাবেই বিধায়কক জগৰীয়া কৰি ৰাইজে তেওঁৰ গাড়ী আগচি ধৰি ক্ষোভ উজাৰে৷

আনহাতে পুৱাৰ ভাগত যমুনামুখ সমষ্টিৰ ছাৰ্লকত অৰ্ধ শতাধিক লোকে হাতে হাতে প্লে কাৰ্ড লৈ বিধায়ক ছিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ প্ৰতিবাদী ৰাইজে বিধায়কৰ বিৰুদ্ধে বিভিন্ন শ্লগান দিয়ে৷ প্ৰতিবাদকাৰীয়ে ‘খেজুৰ নহয়, ৰাস্তা লাগে, নমিনি নহয়, বিধায়ক লাগে’ আদি শ্নগানেৰে উত্তাল কৰে যমুনামুখৰ চাৰ্লক৷

বিগত বৰ্ষৰ প্ৰৱল বানৰ সংহাৰে ডবকা-যমুনামুখ গড়কাপ্টানী পথ একেবাৰে নিশ্চিহ্ন কৰি পেলাইছিল৷ যাতায়াতৰ অনুপযোগী হৈ পৰা পথছোৱা মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰি দিবলৈ ৰাইজে বাৰে বাৰে বিধায়কক দাবী জনাই আহিছে৷

কিন্তু মুম্বাই-ডুবাইত ব্যৱসায়ীক কামত ব্যস্ত থকা বিধায়কৰ ৰাইজৰ সমস্যা হৃদয়ংগম কৰাৰ আহৰি নাই৷ যমুনামুখ সমষ্টিৰ প্ৰায় লক্ষাধিক লোকৰ যাতায়াতৰ মাধ্যম ডবকা-যমুনামুখ পথছোৱা জৰাজীৰ্ণ হৈ পৰাত ৰাইজে মৰণক স্মৰণ কৰি যাতায়াত কৰিবলগীয়া হৈছে৷

ইফালে বাৰিষা সমাগত৷ বাৰিষাৰ পূৰ্বে এই পথছোৱা মেৰামতি হৈ নুঠিলে ৰাইজ চৰম বিপদৰ সন্মুখীন হব৷ ইপিনে আজি সমষ্টিটোত আছিল বিধায়কৰ বহু কেইটা অনুষ্ঠান৷

পুৱা ১১ বজাত বিধায়কগৰাকীয়ে চান্দগ্ৰামৰ পৰা জয়নগৰলৈ যোৱা পথছোৱা পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে৷ একেদৰে বিধায়ক গৰাকীয়ে পাবিজুৰী আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ মুকলি অনুষ্ঠান, চৌধুৰী বজাৰ আজমল কলেজত স্কুটি বিতৰণ অনুষ্ঠান, পীৰবজাৰ-বৰপুখুৰী পথৰ আধাৰশিলাৰ লগতে আজি সন্ধিয়া মোৰাঝাৰ বজাৰত মোৰাঝাৰ-দীঘলজাৰ পথৰ আধাৰশিলা স্থাপন কৰে৷

আজি সমষ্টিত এফালে আছিল বিধায়কৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা অনুষ্ঠান, আনফালে জৰাজীৰ্ণ পথৰ বাবে ৰাইজৰ প্ৰতিবাদ৷ কাইলৈও বিধায়ক গৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ পথ, অনুষ্ঠানৰ আধাৰশিলা কৰিব৷

Leave A Reply