বানাক্ৰান্ত লোকক ডিগবৈ লায়ন্স ক্লাৱৰ সাহাৰ্য প্ৰদান

ডিগবৈ সমাজ জীৱনৰ অন্যতম সামাজিক অনুষ্ঠান ডিগবৈ লায়ন্স ক্লাৱে ৰাইজৰ মাজত সদাই বিভিন্ন সমাজসেৱা মূলক বহু সামাজিক কাম কাজ কৰি আহিছে ৷ সেই অনুসৰি ক্লাৱৰ বহু কেইগৰাকী কৰ্মকৰ্তাৰ উপস্থিতিত অলপতে তিনিচুকীয়া জিলাৰ গুইজান গাওঁৰ ১৪০ টা বানবিধস্ত পৰিয়ালৰ মাজত ব্লিচিং পাউদাৰ, ফেনাইল, চাবোন, মহ খেদোৱা ধূপ, খোৱাপানী বটল, চিকিৎসা সামগ্ৰী আদি কৰি বিভিন্ন সাহাৰ্য সামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰ উপৰিও ক্লাৱৰ সদস্য ডা: ভৱেন তালুকদাৰ আৰু অমূল্য বৰগোহাইয়ে বানাক্ৰান্ত ৰাইজৰ মাজত বিনামূলীয়াকৈ স্বাস্থ্য আৰু চকু পৰীক্ষা কৰি চিকিৎসা সেৱা প্ৰদান কৰে ৷ ডিগবৈ লায়ন্স ক্লাৱৰ এই পৰ্দক্ষেপক শলাগ লয় বানবিধস্ত ৰাইজে ৷

Related Articles