Breaking

গৰৈমাৰীত ৰাইজে খেদি খেদি আটক কৰিলে তিনি ড্ৰাগছ সৰবৰাহকাৰীক

0 653

এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে অসম অৰক্ষী নহয় ৷ গৰৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল সচেতন ৰাইজ ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷খবৰ অনুসৰি কানহাৰা গাঁৱত দীৰ্ঘদিনৰে পৰা একাংশ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীয়ে টিঘিলঘিলাই আছিল ৷ ড্ৰাগছ সেৱানকাৰীৰ উদ্ভণ্ডালীত কানহাৰা গাঁৱৰ ৰাইজ অতিষ্ট হৈ আজি স্থানীয় ৰাইজে আৰক্ষী অবিহনেই আৰম্ভ কৰে অভিযান ৷ ৰাইজৰ অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে এজন ড্ৰাগছ আসক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহী যুৱক দুজন হৈছে ছয়গাঁৱৰ জাহিপুৰ গাঁৱৰ ইজাজ উদ্দিন আলী আৰু ছাইদুৰ আলী ৷ আনহাতে ড্ৰাগছ সেৱনকাৰী নওছাদ আলীক আটক কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ ব্যৱসায়ী যুৱক দুজনৰ পৰা তিনিটাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰা হৈছে ৷ স্থানীয় ৰাইজে ড্ৰাগছ ব্যৱসায়ী যুৱক তিনিজনক ৰচিৰে গছত বান্ধি ৰাখি স্থানীয় গৰৈমাৰী আৰক্ষীক খৱৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক তিনিজনক ৰাইজৰ পৰা চমজি লয় ৷  ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷৷

Leave A Reply