নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ শান্তি – শৃংখলা অটুত ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ চেষ্টা কৰাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰা ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ পদোন্নতি সহ বদলি হৈছে। সেয়েহে, তেখেতক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কালি এক অনুষ্ঠানৰ আয়োজন কৰি ঘগ্ৰাপাৰ প্ৰেছ ক্লাব,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, ঘগ্ৰাপাৰৰ আঞ্চলিক ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি,ঘগ্ৰাপাৰ হৰিমন্দিৰ,নলবাৰী উন্নতি সভা,ঘগ্ৰাপাৰ বজাৰ সমিতি,ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা,নিমুৱা বুঢ়া গোসাঁই থান পৰিচালনা সমিতি ধৰি প্ৰায় ৩০ টাকৈ সংগঠন আৰু অনুষ্ঠানে সুদক্ষ আৰক্ষী বিষয়াজনক জাপি,ফুলাম গামোচা, মানপত্ৰ,চেলেং,শৰাই আদিৰে আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনাই। ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সভাখন আত ধৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। সভাখনত উপস্থিত থাকে বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, নিউজ লাইভৰ সাংবাদিক ব্ৰজেন তালুকদাৰ,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাকে প্ৰমুখ্য কৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ দল-সংগঠন তথা বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জেষ্ঠ কনিষ্ঠ সাংবাদিক সকলে। আৰক্ষী বিষয়াগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে।