Breaking

নিজ জন্ম স্থানত উপেক্ষিত হোৱাৰ দিশত জননেতা শৰৎ চন্দ্ৰ সিংহ

0 2,276

নিজ জন্ম স্থানত আজি উপেক্ষিত হোৱাৰ দিশত জননেতা শৰৎ চন্দ্ৰ সিংহ।জননেতা গৰাকীৰ আদৰ্শ ভূলুণ্ঠিত চাপৰত।তীব্ৰ ক্ষোভ দল-সংগঠনৰ, স্মাৰক পত্ৰ প্ৰেৰণ মূখ্যমন্ত্ৰী লৈ।চাপৰ নগৰত বিলাতী সুৰাৰ বিপনী স্থাপনৰ বিৰোধিতাৰে এই প্ৰত্ৰ প্ৰেৰণ।চাপৰ নগৰত ৱাইন শ্বপৰ বিপনী দিয়া আৰু জননেতা গৰাকীক হত্যা কৰা একে কথা। এই মন্তব্য লেখিক সমাৰোহ সমিতিৰ।চাপৰত ৱাইন শ্বপৰ বিজ্ঞাপন বাতিল কৰিবলৈ দাবি দল সংগঠনৰ,নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি।প্ৰাক্তণ মূখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্ম স্থান ধুবুৰী জিলাৰ চাপৰ। নিজ জন্ম স্থানত আজি উপেক্ষিত উপেক্ষিত হবলৈ গৈ আছে জননেতা গৰাকী। জননেতা গৰাকীৰ আদৰ্শ ভূলুণ্ঠিত কৰি চাপৰ নগৰত বিলাতী সুৰাৰ বিপনী স্থাপনৰ বিজ্ঞাপনে বাকৰুদ্ধ কৰি পেলাইছে চাপৰবাসীক। ক্ষোভিত হৈছে জননেতা গৰাকী অনুগামী তথা স্থানীয় দল-সংগঠন। জননেতা গৰাকীয়ে ১৯৮৯ চনত চাপৰ পৌৰ সভা (তেতিয়াৰ চাপৰ নগৰ সমিতি) স্থাপনৰ সময়ত আহ্বান জনাইছিল চাপৰ নগৰত সুৰাৰ বিপনী স্থাপন নকৰিবলৈ তথা অনুমতি প্ৰদান নকৰিবলৈ। সেই সময়ত এ চাপৰৰ সিংহ পুৰুষ সদৃশ প্ৰয়াত ডালিম কুমাৰ মেধিকে ধৰি একাংশ নেতৃস্থানীয় পুৰোধা ব্যক্তিয়ে লিখিত ভাৱে চাপৰ নগৰ সমিতিক সেই সম্পৰ্কে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনো দাখিল কৰিছিল। সেই আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই চাপৰ পৌৰ সভাই আজিলৈকে সেই অনুমতি প্ৰদান কৰা নাছিল। কিন্তু মন্ত্ৰী পৰিমল শুক্লবৈদ্য নেতৃত্বাধীন আবকাৰী বিভাগে যোৱা ২৫ অক্টোবৰত ই এক্স- ১৪৫/২০১৭/৮৭ নম্বৰ নিৰ্দেশনা যোগে অসমৰ ১১খন জিলাৰ ২০ টা স্থানৰ লগতে চাপৰত ও ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।চাপৰত ৱাইন শ্বপ স্থাপনৰ বিৰোধিতাৰে চাপৰ ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ধুবুৰী জিলাৰ উপায়ুক্ত,বিলাসীপাৰা মহকুমাধীপতিক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে আছু, আক্ৰাছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,আমছু,লেখিকা সমাৰোহ সমিতিয়ে।

Leave A Reply