Breaking

জামুগুৰিহাটত চুৰি-ডকাইতি, অবৈধ সুৰা, উদণ্ড বাইকাৰ্চ আদি অ-সামাজিক কাৰ্যৰ বিৰুদ্ধে ৰাজহুৱা সভা

0 44

জামুগুৰিহাটৰ লগতে নদুৱাৰৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা গৰু-ছাগলী চুৰি, অবৈধ সুৰা-জুৱা আদি অসামাজিক কাম কাজ আৰু উদণ্ড বাইক চালকৰ বিৰুদ্ধে শনিবাৰে নদুৱাৰ নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা৷

জামুগুৰিহাটৰ বাপুজি ভৱনত অনুষ্ঠিত নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি জগত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়ক বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকি অসামাজিক এই কাম কাজ সমুহৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ মাৰ বান্ধি থিয় দি এই কু কাৰ্যসমুহ নিৰ্মুল কৰিবৰ বাবে বক্তব্য প্ৰদান কৰে৷

বিধায়ক হাজৰিকাই কয় যে সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ লগতে কাষৰীয়া অঞ্চলসমুহত সংঘটিত এই অ সামাজিক কাম কাজবোৰ আমি এক হৈ আতৰ কৰি উঠি অহা প্ৰজন্মক সঠিক বাট দেখুৱাব লাগিব৷

এইক্ষেত্ৰত প্ৰশাসনো অধিক কঠোৰ হোৱাৰ মতপোষন কৰে বিধায়কগৰাকীয়ে৷সভাৰ অন্তত অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা এই গৰু ছাগলী চুৰি, দিন ডকাইতি, অবৈধ সুৰা, জুৱা, উদণ্ড যুৱকৰ বাইক ষ্টান্ট আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি জামুগুৰি আৰক্ষী থানাত উপস্থিত হৈ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে কেবাটাও দাৱী সম্বলিত এখন স্মাৰক পত্ৰও শোণিতপুৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে নদুৱাৰ নাগৰিক মঞ্চই৷

Leave A Reply