লখিমপুৰৰ ১০খন গাঁৱত ৰাইজৰ হাহাকাৰ : নিশা নীপকোৱে এৰিলে ৰঙানদী প্ৰকল্পৰ পানী।

নীপকোৱে নিশা  ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে  লখিমপুৰৰ ১০ খন গাঁৱত।ৰঙানদীৰ পানীয়ে উটুৱাই নিলে পাঁচনৈৰ দলং। দলং উটুৱাই নিয়াৰ ফলত ১০খনৰো অধিক গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন।  ১নং পঁচনৈ, ২ নং পাঁনৈ, ডিজু চাপৰিকে ধৰি ১০খনৰো অধিক গাঁৱত বানৰ সৃষ্টি হয়।নিশা ৰঙানদী প্ৰকল্পৰ ৪নং গেটেৰে পানী এৰি দিয়ে নীপকোৱে। শনিবাৰে আবেলিৰ পৰা নিশালৈ ১৪বাৰ বান্ধৰ পানী এৰি দেয়ে নীপকোৱে।ৰাইজৰ অভিযোগ নীপকো অথবা লখিমপুৰ জিলা প্ৰশাসনে দিয়া নাছিল আগতীয়া জাননী। যাৰ ফলত ঘৰৰ সা-সম্পদ একো ৰক্ষা কৰিব নোৱাৰলে গঞাই। অতৰ্কিতে অহা পানীয়ে শ শ লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰাৰ লগতে উটুৱাই নিয়ে বহু লোকৰ পশুধন।

Related Articles