মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পীয়ে, পদুলীত নাই পূজাৰ ব্যস্ততা

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ দূৰ্গা পূজাৰ সময়ত ব্যস্ততাৰ অন্ত নপৰা মৃৎ শিল্পীসকলৰ পদুলীত আজি নিমাওমাও পৰিবেশ৷ বিগত বৰ্ষ সমূহৰ দৰে নাই এইবাৰৰ ষষ্ঠীৰ উ সাহ। বিগত বৰ্ষসমূহত ট্ৰাক-টেম্পোৰে মাৰ প্ৰতিমা নিবলৈ অহা ভক্তপ্ৰান ৰাইজেৰে বিৰদি বাট নোপোৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰৰ কোঁছগাৱৰ বাট-পথ আজি নিৰৱ নিস্তব্ধ৷

প্ৰতি বৰছে অবিভক্ত শোণিতপুৰ জিলাৰ ২০ ৰ পৰা ২৫ খন পূজামণ্ডপৰ সৌস্তৱ বৃদ্ধি কৰা ৰাজেন বৰকটকীৰ হাতৰ পৰশত প্ৰান পাই উঠা দেৱী দূৰ্গাৰ প্ৰতিমা বিচাৰি এইবেলি অহা নাই অধিকাংশ পূজাকমিটি৷ ইয়াৰ মাজতেই নিয়ম মাফিক ভাবেই ক্ষুদ্ৰ আকাৰৰ তিনিভাগ মূৰ্তি নিৰ্মানৰেই সন্তুষ্টি লভিব লগীয়া হৈছে শিল্পীগৰাকীৰ লগতে পৰিয়ালটিয়ে৷

উল্লেখযোগ্য যে, জামুগুৰিহাটৰ প্ৰবীন ৰূপকাৰ-মৃৎশিল্পী তথা চিলাবন্ধা মৌজাৰ মৌজাদাৰ প্ৰয়াত শ্যামচৰন বৰকটকীৰ কনিষ্ঠ পুত্ৰ ৰাজেন বৰকটকীয়ে পিতৃৰ আদৰ্শ অনুকৰণ কৰিয়েই ১৫ বছৰ বয়সৰপৰাই নিৰ্মাণ কৰি আহিছে দূৰ্গা-সৰস্বতী-লক্ষ্মী-গণেশ-কাৰ্তিক আদি বিভিন্ন পূজাৰ আৰাধ্য দেৱ দেৱীৰ প্ৰতিমা৷ সু-নিপুন খনিকৰ ৰাজেন বৰকটকীৰ হাতৰ পৰশৰ মূৰ্তিলৈ আশাৰে বাঁট চাই ৰয় পূজা কমিটি সমুহেও৷

অতি আতকধুনীয়া, সৌন্দৰ্যময় আৰু জীৱন্ত ৰূপ প্ৰদানত সিদ্ধহস্ত ৰাজেন বৰকটকীৰ আছে অন্য এক প্ৰতিভাও৷ এগৰাকী ভাঁওনা-নাটক-থিয়েটাৰৰ সুদক্ষ ৰূপকাৰ এইগৰাকী শিল্পীয়ে মুখাশিল্পী হিচাপেও জিলাখনত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তেখেতে নিৰ্মান কৰা গড়ুৰ, জটায়ু,হৰিণ, নৰসিংহ আদি মুখাৰ লগতে কেবাভাগিও নাট ক্ৰমে যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰা, কাম্যবনত যুধিষ্ঠিৰ, পৰিক্ষিতৰ ব্ৰহ্মসাপ জন্মেজয় সৰ্পযজ্ঞ, উৰুভংগ দূৰ্য্যোধন, অজ্ঞাতবাসত পাণ্ডৱ, মহিৰাৱন বধ আদি নাট ৰচনা কৰি গুৰুজনাৰসৃষ্ট ভাঁওনা সংস্কৃতিলৈ এক অনবদ্য অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে।

এতিয়া শিল্পী পৰিয়ালটি পানীত হাঁহ নচৰা অৱস্থাসদৃশ৷ চাৰিওপিনে অন্ধকাৰময় পৰিৱেশত দিকবিদিক হেৰুৱাইছে পৰিয়ালটিয়ে৷ আজি এমাহ ধৰি পদুলিলৈ চাই চাই নিৰাশ হৈ পৰিছে পৰিয়ালটো৷ শিল্পীগৰাকীয়ে আঁৰকাপোৰত উচুপিচে অন্ধকাৰময় ভৱিষ্যতৰ কথা ভাবি৷আজি ষষ্ঠীৰ দিনাও ব্যস্ততাহীন হৈ পৰিছে সুনিপুন খনিকৰগৰাকী৷ কলিতে মৰহিছে ভৱিষ্যতৰ সপোন৷ না চৰকাৰ না গুণমুগ্ধ না সমাজ সচেতন ব্যক্তিয়ে এইসকল শিল্পীৰ অকণমান সঁহাৰীৰ বাবে হাত আগবঢ়াইছে৷

এনে অৱস্থাত শিল্পীগৰাকীৰ লগতে পৰিয়ালটোৰ ভৱিষ্যত দিনসমুহ কেনেদৰে পাৰ হ’ব সেয়া সময়েহে ক’ব যদিও অনাগত সময়ত চৰকাৰৰ সু-দৃষ্টিয়েহে হয়তো এনে দূৰ্দশাগ্ৰস্ত শিল্পীসকলৰ সমস্যা দুৰ কৰিবলৈ সক্ষম হ’ব৷

Related Articles