Breaking

অসমৰ বায়ু-পানী সেৱন কৰি তালিবানক সমৰ্থন কৰা সকলক দৃষ্টান্তমুলক শাস্তি দিয়ক: পদ্ম হাজৰিকা

0 1,526

শেহতীয়াকৈ ৰাজ্যখনত তালিবানৰ সমৰ্থক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক হাজৰিকাই কয়- তালিবানৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সকল মানুহৰ শাৰীত নপৰে৷আচলতে তেঁওলোক আকৃতিতহে মনুষ্য৷তেঁওলোকক চৰকাৰে কঠোৰৰপৰা কঠোৰতম শাস্তি দিব লাগে৷অসমৰ মাটিত থাকি অসমৰ বায়ু পানী সেৱন কৰি তালিবানক সমৰ্থন কৰাসকলক চৰকাৰে দৃষ্টান্তমুলক শাস্তি দিয়ক৷এনে শক্তি অসমত থাকিলে গুৰুজনাই গঢ়ি থৈ যোৱা বৰ অসমখন চেদেলি ভেদেলি কৰি পেলাব কাৰণ এই শক্তিয়ে কেৱল চিনি পায় হত্যা,হিংসা আৰু অশান্তি৷এনে শক্তিৰ অসমৰ মাটিত কোনো স্থান নাই৷সেই শক্তি অসমৰ পৰা যাবই লাগিব,আমি সেই কাম কৰিম৷ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনে অপশক্তি সমুহৰ বিৰুদ্ধে যিদৰে পদক্ষেপ গ্ৰহণ কৰিছে সেইয়া আদৰণীয় বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷

Leave A Reply