দেওবাৰে পাঞ্জাৱৰ কৃষকে জ্বলাব কৃষি বিধেয়কৰ প্ৰতিলিপি

দৈনন্দিন বাৰ্তা ডেস্ক : ৩০ টা বাওঁপন্থীৰ সমৰ্থিত আৰু আন কৃষক অধিকাৰ সংগঠনৰ প্ৰতিনিধিয়ে শনিবাৰে ঘোষণা কৰিছে যে তেওঁলোকে লোকসভাত গৃহিত হোৱা বিধেয়ক তিনিখন কৃষি বিধেয়কৰ অনুলিপি দেওবাৰে পাঞ্জাৱত জ্বলাব ৷ ইয়াৰ লগতে ২৫ ছেপ্টেম্বৰত ৰাজ্যজুৰি বন্ধ পালন কৰিব ৷ সদৌ ভাৰত কৃষাণ সংহতি সমন্বয়ৰক্ষী সমিতিৰ এজন সদস্য জগমোহন সিঙে কয় যে মোগাত সাক্ষাৎকাৰ কৰা প্ৰতিনিধিয়ে ২০ ছেপ্টেম্বৰত প্ৰতিৱেশী হাৰিয়ানাৰ কৃষকসকলৰ আন্দোলনলৈ সমৰ্থন আগবঢ়োৱাত সন্মত হৈছে ৷ কাইলৈ প্ৰতিবাদ হিচাপে পাঞ্জাৱৰ কৃষক সন্থাই কৃষি বিধেয়কৰ প্ৰতিলিপি ৰাজ্যখনত জ্বলাব বুলি তেওঁ কয় ৷ বামপন্থী কৃষক সংঘই আহ্বান জনোৱা পাঞ্জাৱ বন্ধৰ সন্দৰ্ভত তেওঁ কয়, ৰাজ্যজুৰি প্ৰতিবাদ হিচাপে দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে ৰে’ল আৰু ৰাজপথ অৱৰোধ শুকুৰবাৰে বিয়লি ৪ বজা পৰ্যন্ত হয় ৷ ভাৰতী কিষাণ ইউনিয়নৰ (লক্ষৱাল)ৰ হৰিন্দৰ সিঙে কয় যে কৃষক নেতাই বিধেয়ক গৃহিত কৰাৰ বিৰোধিতা কৰাৰ বাবে একক মঞ্চত অহাৰ সিদ্ধান্ত লয় আৰু কোনো ৰাজনৈতিক দলক এই আন্দোলনত অংশ ল’বলৈ নিদিয়াৰ সংকল্প লয় ৷ তেওঁ লগতে কয়, কৃষক সম্প্রদায়ৰ স্বার্থত অৰাজনৈতিক ফ্ৰণ্টবোৰ একত্রিত কৰাৰ পাচত সপ্তাহত পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱা হ’ব ৷ আন কৃষক সন্থাৰ সৈতে সমন্বয় সাধনৰ বাবে আৰু বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে এক সাধাৰণ মঞ্চ গঠনৰ লক্ষ্যৰে এই সভা আয়োজন কৰা হৈছিল ৷ ভাতী কিষাণ ইউনিয়ন (লক্ষৱাল)ৰ বি এছ ৰাজেৱালে এই কথা কয় ৷ প্ৰতিনিধিসকলে মোগাত নাচাট্টাৰ সিঙক শনিবাৰে বিয়লি সাক্ষাৎ কৰে ৷ শুকুৰবাৰৰ সভাত এখন পাঁচজনীয়া সদস্যৰে সমিতি গঠন কৰা হয় ৷

Related Articles