চতিয়াত বিনামূলীয়া এম্বুলেন্স সেৱা ৰাইজৰ বাবে আগবঢ়ালে পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰতিস্থাপক পুৰোহিতে…

চতিয়াত বিনামূলীয়া এম্বুলেন্স সেৱা ৰাইজৰ বাবে আগবঢ়ালে পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰতিস্থাপক পুৰোহিতে

২০০৮ চনত চতিয়াৰ ঘিলাধাৰী দলংৰ সমীপতে ৰামদাস নামৰ এক পুৰোহিতে পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰতিস্থা কৰিছিল ৷ সেই দিন ধৰি আজিলৈকে ৰাইজৰ দান দক্ষিণা জমা কৰি পুৰোহিত বাবা ৰামদাসে ৰাইজৰ জৰুৰীকালীন সেৱাৰ বাবে এখন এম্বুলেন্স আগবঢ়ালে ৷

বৃহত্তৰ চতিয়াবাসী ৰাইজে মাত্ৰ ইন্ধনৰ খৰচ বহন কৰিয়েই চিকিৎসা সেৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ৷ আনহাতে যিসকল আৰ্থিকভাৱে সুচল নহয় তেওঁলোকৰ বাবে সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ উপলব্ধ হ’ব এম্বুলেন্স সেৱা ৷

পুৰোহিত বাবা ৰামদাসৰ এই পদক্ষেপক শলাগ ল’লে চতিয়াবাসীয়ে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে এম্বুলেন্স বাহনখন চতিয়া প্ৰেছ ক্লাবৰ সম্পাদক তথা প্ৰাগ নিউজৰ সাংবাদিক উত্তম নাথে।

Related Articles