উত্তৰাখণ্ডৰ আটাইতকৈ কনিষ্ঠ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে হিন্দুত্বৰ ‘নীৰৱ পোষ্টাৰ বয়’ হিচাপে আত্মপ্ৰকাশ কৰিছে।তেওঁ যেন বিজেপিৰ হিন্দুত্বৰ আদৰ্শ কঢ়িয়াই লৈ ফুৰিছে। তেওঁ আৰ এছ এছ-বিজেপিৰ ৰাজনীতিৰ দৃষ্টিভংগী প্ৰতিফলিত কৰা নীতি আৰু আইন গ্ৰহণ কৰিছে, যিবোৰ যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে অন্যান্য হিন্দুত্ববাদী নেতাসকলে গ্ৰহণ কৰিছে। বিজেপিৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা ধামীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোছিয়াৰীৰ পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ হিন্দুত্বপন্থী দৃষ্টিভংগীৰ বাবে জনাজাত। তেওঁ বিজেপিৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিও আছিল, য’ত তেওঁ ৰাজ্যখনৰ উদ্যোগসমূহত স্থানীয় যুৱক-যুৱতীসকলৰ বাবে ৭০ শতাংশ সুযোগ সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল।
খতিমা সমষ্টিৰ পৰা ২০২২ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা ধামীক বিজেপি বিধায়কসকলে কিন্তু মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। পিছত তেওঁ চম্পাৱত উপনিৰ্বাচনত ৫৫,০০০ তকৈও অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। একেৰাহে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰা তেওঁ ৰাজ্যখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী। ধামীক চৰ্চালৈ অনা আন এটা বিষয় হ’ল ‘লাভ জিহাদ’ আৰু ‘ভূমি জিহাদ’ৰ বিৰুদ্ধে তেওঁৰ স্থিতি, বহুতে অভিযোগ কৰে যে মুছলমান পুৰুষসকলে বিবাহৰ জৰিয়তে হিন্দু মহিলাসকলক ইছলামলৈ ধৰ্মান্তৰিত কৰিছে আৰু মুছলমান সম্প্ৰদায়ৰ লোকে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি আছে।
তিৰথ সিং ৰাৱটৰ পদত্যাগৰ পিছত ২০২১ চনৰ জুলাই মাহত মুখ্যমন্ত্ৰী হোৱা ধামীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদাংক অনুসৰণ কৰি ‘লাভ জিহাদ’ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। লাভ জিহাদ নিয়ন্ত্ৰণ কৰিবলৈ আইন প্ৰণয়ন কৰিছে। তেওঁ কৰা বিবাহৰ বাবে ধৰ্মান্তৰকৰণ নিষিদ্ধ কৰা আইনখনক ব্যক্তিৰ মৌলিক অধিকাৰ উলংঘা কৰা বুলি আদালতত প্ৰত্যাহ্বান জনোৱা হৈছে।তথাপি থমকি ৰোৱা নাই বিজেপিৰ পোষ্টাৰ বয় ধামী।

