বন্ধন বেংকৰ লোণলৈ স্বাৱলম্বী খুটাবাৰীৰ পুষ্পলতা দাস

বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷
চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে বিভিন্ন জনে বিভিন্ন ব্যৱসায় ৷কিছুমানে যদি গাহৰি পালনেৰে স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ গেলামালৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে ৷ এনে সময়তে উল্লেখনীয় কথা এই যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংককে ধৰি মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলা সকলৰ ঋণ মাফ কৰাৰ বিষয়ে কিছু চৰ্ত বান্ধি দিছে ৷কিন্তু এই চৰ্ত মতে লোন মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰি শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি আমাৰ বিশেষ প্ৰতিবেদন
মহিলাগৰাকীৰ নাম পুষ্পলতা দাস ৷ঘৰ গোৱালপাৰা জিলাৰ খুটাবাৰীত ৷ এটি দৰিদ্ৰ পৰিয়ালত বিয়া হৈছিল মহিলাগৰাকীৰ ৷স্বামীয়ে দিন হাজিৰা কৰিছিল ৷তেওঁলোকৰ মাথো এটি জুপৰী ঘৰ আছিল ৷ কেচঁা শৌচালয় ৷এইদৰেই স্বামীৰ সৈতে দুখ কষ্টই অতিবাহিত কৰিছিল পুষ্পলতাই ৷ কিছুদিনৰ পিছত তেওঁলোকৰ মাজলৈ প্ৰথমতে লৰা আৰু পিছলৈ এজনী ছোৱালী সন্তান আহে ৷ ইফালে লৰা ছোৱালীৰ পঢ়া-শুনাৰ খৰচ আনফালে ঘৰখনৰ খৰচ ৷স্বামী দেবেন দাসে কেতিয়াবা হাজিৰা পায় কেতিয়াবা নাপায় ৷ঘৰত বয় বস্তু আনিব নোৱাৰি স্বামীয়ে চিন্তাত স মদ খাবলৈ আৰম্ভ কৰে ৷তেতিয়াৰ পৰা পুষ্পলতাৰ জীৱনলৈ অমানিশা নামি আহে ৷মদ খাই বাইকৰ পিছফালে উঠি যাওঁতে এদিন ট্ৰাকৰ লগত খুন্দা খাই দুৰ্ঘটনাত স্বামী দেবেন দাস নিহত হয় ৷পুষ্পলতাই দিক্ বিদিক্ হেৰুৱাই মানুহৰ ঘৰত কাম -কাজ কৰা আৰম্ভ কৰে ৷মাজে সময়ে কাৰোবাৰ শাল খালি পালে শালত কাপোৰ লগাই সেইবোৰ বজাৰত নি বিক্ৰী কৰি এবেলা খাই আনবেলা লঘোনে থাকি কিবাকৈ পৰিয়ালটো চলাই আছিল ৷প্ৰথমতে চৰকাৰী সাহায্য পিছলৈ বেংকৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিও কোনো ব্যবস্থা কৰিব নোৱাৰিলে৷ বেংকে তো পুষ্পলতাৰ দৰে দুখীয়া মানুহক লোন নিদিয়ে ৷কাৰণ লোন দিলে কিস্তি কৰ পৰা ঘুৰাব ৷ পুষ্পলতাৰ এই দুখৰ সময়ত দুখীয়াৰ বেংক বন্ধন বেংক পুষ্পলতাৰ কাষ চাপে ,আৰু ঘৰতে আহি ফৰ্ম পূৰণ কৰাই দহ হেজাৰ টকাৰ লোন দিয়ে ৷সেই লোনেৰে পুষ্পলতাই এখন তাতঁশাল আৰু এখন চিলাই মেচিন কিনে ৷ তাৰ পিছত আৰু পিছলৈ উভতি চাব লগা হোৱা নাই পুষ্পলতাৰ ৷পিছৰ বছৰ পোন্ধৰ হেজাৰ তাৰ পিছত বিশ হেজাৰ আৰু বৰ্তমান আশীহেজাৰ টকাৰ লোন চলি আছে পুষ্পলতাৰ ৷এই কেইবছৰ লোনৰ টকাৰে ব্যৱসায় কৰাৰ ওপৰিও নিয়মিত কিস্তি পৰিশোধ কৰি আছে পুষ্পলতাই ৷লোনৰ পৰা ব্যৱসায় কৰি লাভৰ টকাৰে ছোৱালী এতিয়া স্নাতক চতুৰ্থ বৰ্ষৰ আৰু লৰা স্নাতক প্ৰথম বৰ্ষত পঢ়ি আছে ৷ বৰ্তমান তেওঁলোকৰ এটি পকী ঘৰ ,পকী শৌচালয় আৰু খোৱা পানীৰ কাৰণেও মটৰৰ ব্যৱস্থা আছে ৷আজি পুষ্পলতা সম্পূৰ্ণ স্বাৱলম্বী ৷পুষ্পলতাই আমাৰ সাংবাদিকৰ আগত কয় যি স্বামীৰ ম্ ত্যুৰ পিছত যদি বন্ধন বেংক আগবাঢ়ি নাহিলহেঁতেন ,আমাৰ দৰে পৰিয়াল শেষ হৈ গলহেতেন ৷বন্ধন আমাৰ বাবে ভগবান ৷ পুষ্পলতাই সকলো মহিলাক উদ্দেশ্য কৰি কয় চৰকাৰৰ লোন মাফ ললে ভৱিষ্যতে বিপদৰ সময়ত লোন পোৱা নাযাব ৷সকলো চৰকাৰী আচঁনিৰ পৰাও আমি বঞ্চিত হব লাগিব ৷আমাৰ ভৱিষ্যত প্ৰজন্ময়ো নাপাব কোনো সা- সুবিধা ৷কাৰন লোন ৰেহাই ললে আমাৰ চিবিল স্ক’ৰ নিম্নগামী হব ৷গতিকে আমি লোন মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰো আহঁক ৷আৰু পৰৱৰ্তীত পুনৰাই লোন লৈ ব্যৱসায়ত খটুৱাই স্বাৱলম্বী হবলৈ আহ্বান জনায় পুষ্পলতাই ৷

Related Articles