ভাৰতলৈ (Putin India Visit) আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি৷ চাৰি বছৰৰ পিছত দিল্লীলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন৷ পুটিনৰ দুদিনীয়া ভ্ৰমণসূচীৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে৷ পিছে পুটিনৰ এই ভ্ৰমণে এতিয়া টোপনি কাঢ়িছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ৷ ভাৰত- ৰাছিয়াৰ বন্ধুত্বই পাকিস্তানক এতিয়া চিন্তাত পেলাইছে৷ পুটিনৰ এই ভ্ৰমণে পাকিস্তানক চিন্তাত পেলোৱাৰ মূল কাৰণ হ’ল কেইখনমান চুক্তি৷ যদি সেইসমূহ চুক্তি স্বাক্ষৰ হয় তেন্তে এয়া পাকিস্তানৰ সেনা মুৰব্বী অসীম মুনিৰৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিব পাৰে৷ পাকিস্তানী সংবাদ মাধ্যমতো দেশখনৰ চিন্তা প্ৰায় স্পষ্ট হৈ পৰিছে৷
জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে পুটিনৰ ভ্ৰমণ কূটনৈতিক বুলি কয়৷ লগতে কয় যে, ই ভাৰত-ৰাছিয়াৰ সম্পৰ্ক উন্নত কৰিব৷ ইয়াৰোপৰি কৌশলগত অংশীদাৰিত্ব, প্ৰতিৰক্ষা, তেল, অস্ত্ৰ-শস্ত্ৰ আদিত আলোচনা হ’ব পাৰে বুলি কয়৷ আন এগৰাকী জ্যেষ্ঠ পাকিস্তানী সাংবাদিকে কয় যে, ভাৰতে এছ-৫০০ অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে৷ ই এফ-৩৫ক অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে৷ক্ষেপণাস্ত্ৰ আমদানি কৰা হৈছে৷ ইয়াৰোপৰি বিভিন্ন চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে৷ ভাৰতে বিচাৰে পাকিস্তান বৰ্তমান আফগানিস্তানত ব্যস্ত হৈ থাকক, ইয়াৰ মাজত কিন্তু তেওঁলোকে পাকিস্তান আক্ৰমণ কৰিব বিচাৰিছে৷এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ এক বক্তব্য ভাইৰেল হৈ পৰিছে৷ এটা টিভি চেনেলৰ সৈতে হোৱা কথা-বতৰাত এই পাকিস্তানী সাংবাদিকগৰাকীয়ে কৈছে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কূটনৈতিক৷
ই আফগানিস্তানক সহায় কৰিব৷ ইয়াৰোপৰি ভাৰতে কিবা ডাঙৰ পৰিকল্পনা কৰি আছে৷ ভাৰত-ৰাছিয়াৰ মাজত হ’বলগীয়া প্ৰতিৰক্ষা, তেল, অস্ত্ৰ-শস্ত্ৰ চুক্তি আদিক লৈ পাকিস্তান ইতিমধ্যে চিন্তিত৷ ইয়াৰোপৰি মোদী আৰু পুটিনৰ আলোচনাত পাকিস্তান, সন্ত্ৰাসবাদ, আফগানিস্তান, বেলুচিস্তানৰ কথা উত্থাপন হ’ব পাৰে বুলি দেশখনে ভয় খাইছে৷ কিয়নো বেলুচিস্তানে দীৰ্ঘদিন ধৰি পাকিস্তানৰ সৈতে সংঘৰ্ষ কৰি আহিছে৷ কোৱা হয়, বেলুচিস্তানত ভাৰতেও সহায় কৰি আহিছে৷ ইয়াৰোপৰি যদি পুটিনে তালিবানক সমৰ্থন কৰে তেন্তে ই পাকিস্তানৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিব৷ কিয়নো বৰ্তমান আফগানিস্তান আৰু বেলুচিস্তান পাকিস্তানৰ এক ডাঙৰ সংকট৷

