Breaking

সুস্থ হৈ থাকিবলৈ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নহয়…

0 70

সুস্থ হৈ থাকিবলৈ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নহয়, কিন্তু চাহ বনোৱা পদ্ধতি সলনি কৰিব লাগিব। বৰ্তমান মছলা চাহ খোৱাৰ লোকৰ সংখ্যা বাঢ়িছে। মানুহে গাখীৰ, আদা, ইলাচি, চাহ মছলা, চাহপাত, জালুক আদি উপাদান যোগ কৰি চাহৰ সোৱাদ বৃদ্ধি কৰে। চাহ খোৱাৰ প্ৰথা আৰম্ভ হৈছিল বহু যুগৰ আগতে। কিন্তু আজিকালি মছলা চাহক ‘অস্বাস্থ্যকৰ গৰম পানীয়’ৰ শিতানত ৰখা হৈছে আৰু স্বাস্থ্যৰ বাবে বেয়া বুলি কোৱা হয়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সুস্থ হৈ থাকিবলৈ গাখীৰৰ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নেকি?

যদি আপুনি চাহপ্ৰেমী তেন্তে মছলা চাহ আপোনাৰ বাবে সৰ্বোত্তম। মছলা চাহত ডালচেনি, জালুক, ইলাচি, আদাকে ধৰি বহুতো স্বাস্থ্য উপকাৰী উপাদান যোগ কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সুস্থ হজম শক্তিত সহায় কৰে। কেৱল এয়াই নহয়, এনে চাহত এন্টিঅক্সিডেন্টোপ্ৰচুৰ পৰিমাণে থাকে।

কোনবোৰ বনৌষধি আৰু মছলাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে?
ইলাচি, দালচেনি, জালুক, আদা, লং, তেজ পাতৰ দৰে বনৌষধি আৰু মছলাবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। যদি আপুনি আপোনাৰ চাহত এই বনৌষধি আৰু মছলা সমূহ অন্তৰ্ভুক্ত কৰে, তেন্তে আপোনাৰ চাহ স্বাস্থ্যকৰ চাহ হ’ব পাৰে।

এদিনত কিমান কাপ চাহ খাব পাৰি?
মানুহে দিনটোত ৪-৫ কাপলৈকে চাহ খায়, যিটো স্বাস্থ্যৰ বাবে ভাল নহয়। যিহেতু চাহত চেনি যোগ কৰা হয়, সেয়েহে চাহক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা নহয়। কাৰণ অতিৰিক্ত চেনিৰ বাবে ডায়েবেটিছকে ধৰি বহু ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে। যদি চাহ খাই সুস্থ হৈ থাকিব বিচাৰে তেন্তে দিনটোত ১-২ কাপতকৈ বেছি চাহ নাখাব।

চাহ খোৱাৰ সময় কেতিয়া?
খাদ্য খোৱাৰ দুঘণ্টাৰ পিছত চাহ খোৱাৰ উপযুক্ত সময়। মনত ৰাখিব যে কেতিয়াও খালী পেটত চাহ নাখাব। কাৰণ কেফেইনে পেটত এচিড তৈয়াৰ কৰাৰ কাম কৰে, যাৰ ফলত এচিড ৰিফ্লাক্স, হাৰ্টবাৰ্ণ, এচিডিটি, বদহজমৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাহিৰেও ব্ৰেকফাষ্ট বা আন কোনো খাদ্য সামগ্ৰীৰ লগত চাহ খোৱাৰ পৰা বিৰত থাকিব। কাৰণ চাহত টেনিন নামৰ ৰাসায়নিক যৌগ এটা থাকে, যাৰ ফলত পুষ্টিকৰ পদাৰ্থ শোষণ কৰাত অসুবিধা হয়।

Leave A Reply