Breaking

চিৰাঙত পথ সুৰক্ষা বিষয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা

0 2,279

 চিৰাং জিলা পথ সুৰক্ষা কমিটিৰ উদ্যোগত আজি জিলাখনৰ কাশীকত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আগত ৰাখি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানটোত অতিথিৰূপে উপস্থিত থাকি জিলাৰ সহকাৰী আয়ুক্ত কুশল কলিতা,স্কুল পৰিদৰ্শক বিজয় বৈষ্ণৱ ,জিলা পৰিবহন বিষয়া দীপক পাটৱাৰী আৰু সহকাৰী এনফৰ্চমেণ্ট পৰিদৰ্শক মনোজ বসুমতাৰীয়ে বাহন চলোৱাৰ সময়ত সুৰক্ষা নিশ্চিত কৰাৰ বাবে ট্ৰেফিক নিয়ম ,চিহ্ন আৰু সংকেত সম্পৰ্কে অৱগত কৰি দুচকীয়া বাহনত আৰোহিয়ে হেলমেট পৰিধান আৰু চাৰিচকীয়া বাহন চলোৱাৰ সময়ত চিটবেল্ট লগোৱা আৰু বাহনৰ গতিবেগ অতিক্ৰম নকৰিবলৈ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনায়।

Leave A Reply