Breaking

চতিয়াৰ ডিপলোঙা ছয়গাওঁ উন্নয়ণ সমিতিৰ সৌজন্যত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন

0 160

চতিয়া উত্তৰ অঞ্চলৰ ডিপলোঙা ছয়গাওঁ উন্নয়ন সমিতিৰ সৌজন্যত জনতা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে৷ কাৰ্যক্ৰমণিকা অনুসৰি ৰাভা দিৱসৰ মূলসভাত
সভাপতিত্ব কৰে জনতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ বৰুৱাই।


বিশিষ্ট অতিথি হিচাবে শিক্ষক ভাৰত ৰাজখোৱা, সোনাৰাম নাথ, গোলাপ কলিতা, বুধন শৰ্মা, বাবুলাল দাস, পূৰ্ন দাস, দিলীপ গোশ্বামী, শিব পূৰাণ উপস্থিত থকা মূল সভাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।

মুল সভাৰ পাছত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধ্যা কাৰ্যসুচীৰ শুভ উদ্ধোধন কৰে শিক্ষক সমাজ সেৱক অৰুন বৰদলৈয়ে।
সাংস্কৃতিক সন্ধ্যা কাৰ্যসূচীত আমন্ত্ৰিত শিল্পীৰ লগতে বিভিন্ন জাতি জনজাতিৰ বাৰে ৰহনীয়া গীত- নৃত্য পৰিবেশন কৰা হয়।


অনুষ্ঠানটি পৰিচালনা কৰে চন্দ্ৰ নাথে। কাৰ্যসূচীভাগ সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে উদযাপন সমিতিৰ সভানেত্ৰী জয়া দাস আৰু সম্পাদিকা নিৰ্মলা দেবীৰ লগতে বিষয়ববীয়া সকলে ৷

– ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply