Radhika Yadav: পিতৃয়ে হত্যা কৰিলে টেনিছ খেলুৱৈ ৰাধিকা যাদৱক, হত্যাৰ প্ৰকৃত কাৰণ ফাদিল

গুৰুগ্ৰামত টেনিছ খেলুৱৈ ৰাধিকা (Radhika Yadav) যাদৱৰ হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্ত পিতৃ দীপক যাদৱৰ ফটো ভাইৰেল হৈ পৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিতৃক। দীপকে ৰাধিকাক পাঁচটা গুলী চলাইছিল। হত্যাকাণ্ডৰ কাৰণ একাডেমীক লৈ বিবাদ বুলি কোৱা হৈছে।


হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে শোকাৱহ ঘটনা। নিজ পিতৃয়ে নিজ কন্যা সন্তানক গুলীয়াই হত্যা কৰে। এতিয়া উদীয়মান টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ হত্যাকাণ্ডত এক নতুন টুইষ্ট চৰ্চালৈ আহিছে। অভিযুক্ত পিতৃ দীপক যাদৱৰ প্ৰথমখন ছবিও পোহৰলৈ আহিছে, যিখন ছবি ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভাইৰেল ফটোখনত ছবিখনত অভিযুক্ত দীপক যাদৱক তললৈ মুখ কৰি থিয় হৈ থকা দেখা গৈছে। তেওঁ আৰক্ষীৰ জিম্মাত। ছবিখন প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত ৰাইজে ন্যায় বিচাৰিছে আৰু পিতৃৰ এই নিষ্ঠুৰ কাৰ্যক তীব্ৰ গৰিহণা দিছে। আজি দুপৰীয়া প্ৰায় ২ বজাত স্থানীয় আদালতত মৃতকৰ পিতৃ আৰু অভিযুক্ত দীপক যাদৱক দাখিল কৰিব।

আৰক্ষীৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা দীপক যাদৱে নিজৰ ঘৰত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে ৫টা জাঁই গুলী চলাই ৰাধিকাৰ ওপৰত তাৰে তিনিটা গুলীৰ পিঠিত লাগি থিতাতে মৃত্যু হয় ৰাধিকাৰ। হত্যাকাণ্ডৰ কাৰণ হ’ল ৰাধিকাৰ দ্বাৰা পৰিচালিত টেনিছ একাডেমীক লৈ পিতৃ-কন্যাৰ মাজত চলি থকা বিবাদ। আৰক্ষীৰ তদন্তত এই কথাও পোহৰলৈ আহিছে যে দীপক যাদৱে নিজৰ কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল বুলি মানুহে ঠাট্টা কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, দেউতাকে বিচাৰিছিল যে ৰাধিকাই টেনিছ একাডেমীখন বন্ধ কৰক কাৰণ মানুহে তেওঁক ঠাট্টা কৰিছিল যে তেওঁৰ ছোৱালীৰ উপাৰ্জনৰ দ্বাৰা জীৱন নিৰ্বাহ কৰি আছে বুলি। প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ)ত উল্লেখ আছে যে কন্যাই নিজৰ উদ্যোগ বন্ধ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত দীপক যাদৱে ক্ষোভিত হৈ পৰিছিল।

যোৱা কেইদিনমানৰ পৰা ঠাট্টা-মস্কৰা বাঢ়িছিল, তাৰ পিছত তেওঁ ৰাধিকা যাদৱক টেনিছ একাডেমী বন্ধ কৰিবলৈ কৈছিল, আনহাতে ৰাধিকা একাডেমীখন বন্ধ কৰিবলৈ অমান্তি হৈছিল।

ঘটনাৰ পিছত গুৰুগ্ৰাম আৰক্ষীয়ে দীপক যাদৱক গ্ৰেপ্তাৰ কৰাৰ লগতে ছেক্টৰ ৫৬ থানাত এফআইআৰ ৰুজু কৰা হৈছে। লগতে এই গোচৰৰ সৈতে জড়িত অন্যান্য দিশ যেনে ৰাধিকাৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ আৰু ব্যক্তিগত সম্পৰ্কৰ তদন্তও কৰি থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে ৰাধিকা যাদৱ আছিল ভাৰতৰ এগৰাকী প্ৰতিভাৱান টেনিছ খেলুৱৈ, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু কৃতিত্ব অৰ্জন কৰিছিল ৰাধিকাই। তেওঁৰ হত্যাকাণ্ডৰ বাবে ক্ৰীড়া জগত আৰু সমাজত শোকৰ ছাঁ পৰিছে।

Related Articles