Radish Leaves: মূলা খাই শাক পেলাই দিয়ে নেকি? মূলাতকৈ মূলাৰ পাতত অধিক পুষ্টিকৰ উপাদান থাকে!

শীতকালীন শাক-পাচলিৰ ভিতৰত মূলা সেউজীয়া বৰ বেছি জনপ্ৰিয় পাচলি নহয়। (Radish Leaves)তাৰ পৰিৱৰ্তে বহু লোকে মূলা কাটিলে প্ৰথমে মূলাৰ লগত থকা শাকখিনি পেলাই দিয়ে। কিন্তু, মূলা পাত খিনি খাব লাগে। পুষ্টিবিদসকলে কয় যে মূলা পাতে ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ৰক্তহীনতা আনকি ছালখন ধুনীয়া কৰি ৰখালৈকে সকলোতে সহায় কৰিব পাৰে।

মূলাৰ পাতত কি কি গুণ আছে?

মূলাৰ পাতত পুষ্টিকৰ মূল্য বেছি-

১. ৰক্তহীনতা: মূলা পাতত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। যিয়ে হিম’গ্লবিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ফলত ৰক্তহীনতাত আক্ৰান্তসকলৰ বাবে মূলা অতি উপকাৰী।

২. ৰোগ প্ৰতিৰোধ: মূলাতকৈ মূলাৰ পাতত ভিটামিন এ আৰু ভিটামিন চি বেছি থাকে। যিয়ে শ্বেত ৰক্তকণিকা উৎপাদন বৃদ্ধি কৰে আৰু শৰীৰক সাধাৰণ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰে।

৩. ওজন হ্ৰাস: মূলা পাতে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও ১০০ গ্ৰাম মূলা পাতত ১৩ কেলৰি থাকে। চেনিৰ মাত্ৰা ১.২ গ্ৰাম, আঁহৰ মাত্ৰা বেছি। এই সকলোবোৰ বস্তুৱে ওজন কমোৱাত সহায় কৰে। যিসকলে ওজন কমাবলৈ চেষ্টা কৰিছে তেওঁলোকে ব্ৰেকফাষ্টত মূলা পাত অন্তৰ্ভুক্ত কৰিব পাৰে।

৪. ছালৰ স্বাস্থ্যঃ মূলাত থকা ভিটামিন চিয়ে কলাজেন উৎপাদনত সহায় কৰে। নিয়মিত মূলা পাত খালে বলিৰেখা কমোৱাত সহায় হয়।

৫. হৃদযন্ত্ৰৰ স্বাস্থ্যঃ মূলাত থকা এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা মুক্ত কৰি ৰাখে। শৰীৰত ফ্ৰী ৰেডিকেল বৃদ্ধি পালে হৃদৰোগকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও মূলা পাতত আঁহৰ পৰিমাণ বেছি থাকে, যিয়ে পেটটো বহুসময়য়লৈকে ভৰপূৰ কৰি ৰখাত সহায় কৰে আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। মূলাত থকা ভিটামিন চিয়ে ৰক্তবাহী নলীৰ সুস্বাস্থ্য বজাই ৰাখে আৰু ৰক্ত সঞ্চালনৰ বিভিন্ন বিকাৰ দূৰ কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ সমস্যাও দূৰ হয়।

৬. দৃষ্টিশক্তিঃ মূলা পাতত ভিটামিন এৰ পৰিমাণ শৰীৰৰ দৈনিক প্ৰয়োজনৰ ৫২ শতাংশ। ভিটামিন ‘এ’ই ছালৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে আৰু লগতে চকুৰ দৃষ্টিশক্তিও ভাল কৰে।

৭. পুষ্টিকৰ উপাদানৰে সমৃদ্ধ: ভিটামিন চি আৰু ভিটামিন এৰ উপৰিও মূলা সেউজীয়াত ভিটামিন বি ১, বি ৬, বি ৯, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, মেগনেছিয়াম থাকে। যি সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।

Related Articles