Breaking

ৰহাত নাথ যোগীৰ ৰাজনৈতিক পৰ্যালোচনা সভা…

0 1,021

নগাঁও জিলা যোগী সন্মিলনী আৰু সদৌ মৰিগাঁও নাথ-যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ সহযোগত আজি ৰহা মহাবিদ্যালয়ত’ অসম নাথ যোগী জাতীয় পৰিষদৰ’ এখন প্ৰতিনিধি মূলক ‘ৰাজনৈতিক পৰ্যালোচনা  সভা ‘অনুষ্ঠিত হয় । অসম প্ৰাদেশিক যোগী সন্মিলনী ,  মহিলা সন্মিলনী , সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাকে ধৰি বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাখনত সভাপতিত্বত কৰে অসম নাথ-যোগী জাতীয় পৰিষদৰ সভাপতি কীৰ্তি নাথে সভাপতিত্বত কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জাতীয় পৰিষদৰ সম্পাদক পবন নাথে। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা ধীৰেন নাথ , বি জেপি  অ বি চি মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক ডাঃ বীৰেন্দ্ৰ কুমাৰ নাথে বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ পাছতে সভাত নিজৰ বক্তব্য প্ৰদান কৰি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে নিজৰ মতামত ব্যক্ত কৰি কয় -” অসমত নাথ যোগী সংগঠন সমূহৰ কৰ্মকৰ্তাৰ মতপ্ৰাৰ্থক্যৰ বাবেই  আজিও নাথ যোগী সকল যোগ্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ।

আজিৰ প্ৰেক্ষাপটত জাতীয় সকলো সংগঠন এক নহলে দিশপুৰে ভয় নকৰে , ৰাজনৈতিক ক্ষেত্ৰ দখল কৰাটো অসম্ভব হৈ পৰিব । জাতিটোৰ নিজা লোকপিয়ল কৰি সঠিক তথ্য সহ চৰকাৰ , ৰাজনৈতিক দলক আমি বাধ্য কৰিব লাগিব । ভাৰতৰ স্বাধীনতাৰ পাছত অসমত মাত্ৰ ৭ জন নাথ যোগীৰ বিধায়ক হল । গোৱালপাৰাৰ খগেন্দ্ৰ নাথ , নগাঁৱৰ গুনেন্দ্ৰ নাথ পণ্ডিতহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ । জাতিটোৰ পৰি ৰাজনৈতিক দলে কৰি অহা অবহেলাৰ আমি প্ৰত্তোত্বৰ দিবৰ হ’ল ।  সভাত মৰিগাঁৱৰ  নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ লক্ষজ্যোতি নাথ  আৰু জিতুমণি নাথ ,  দুমুনীচকীৰ কিৰণ কাকতি , হোজাইৰ আষ্ট্ৰিক নাথ , বৈঠালাংছৰ নৃপেন নাথ ,ৰহাৰ মনিৰাম নাথ , নাথ সাহিত্য পৰিষদৰ মুখ্য সম্পাদক  ডঃ হৰ কুমাৰ নাথ , মহিলা সন্মিলনীৰ  সভানেত্ৰী চিত্ৰলেখা চৌধুৰী ,নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰশান্ত নাথ আদিয়ে বক্তব্য প্ৰদান কৰা সভাত ছয়টা প্ৰস্তাৱ গ্ৰহন কৰা হয় । আগন্তুক ২০২৪ চনত নগাঁও লোকসভা সমষ্টি আৰু ২০২৬ চনৰ বিধানসভাৰ কেইবাটাও  সমষ্টিত সম্প্ৰদায়টোৰ উপযুক্ত লোকক প্ৰাৰ্থীত্ব দিবলৈ প্ৰস্তাৱ গ্ৰহন কৰি কাৰ্যপন্থাৰ বাবে “চিন্তন কোষ ” গঠনৰ সিদ্ধান্ত গ্ৰহন কৰে । পঞ্চায়তৰ ভিত্তিত সম্প্ৰদায়টোৰ নিজাকৈ লোকপিয়ল কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে ।অসমৰ জিলা সমূহক কেইবাটাও মণ্ডলত ভাগ কৰি  ৰাজনৈতিক চিন্তা চৰ্চাৰ বাবে অভিবৰ্তন আৰু মণ্ডল কমিটি গঠনৰ পোষকতা কৰা হয় । অসমত থকা নাথ-যোগী সকলক প্ৰতিনিধিত্ব কৰা আটাইকেইটা সংগঠনক একগোট কৰি “চিন্তন কোষ” গঠনৰ এক প্ৰস্তাৱ গ্ৰহন কৰা হয় ।সভাৰ শেষত হোৱা এক অনুষ্ঠানত নাথ সাহিত্য পৰিষদৰ সাহিত্য, সংস্কৃতি আৰু সমাজ- বিষয়ক ছয়মহীয়া বহুভাষিক গবেষণা পত্ৰিকা ” সংহতি” উন্মোচন কৰে সদৌ অসম নাথ- যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে । সংহতিৰ সম্পাদক হিৰন্য কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানত  যোগী সন্মিলনীৰ বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

Leave A Reply