Rahul Gandhi । অসমলৈ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমাৰ অংশ হিচাপে গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছৰ দুজন শীৰ্ষ নেতা ৰাহুল গান্ধী আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। তেওঁলোকক গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত আন্তৰিকভাৱে আদৰণি জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (APCC) সভাপতি গৌৰৱ গগৈ। বিমান বন্দৰত উপস্থিত নেতা-কৰ্মীৰ উচ্ছ্বাসে পৰিবেশ উখল-মাখল কৰি তোলে।

অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা পৰাই আদৰণি জনোৱা হয় ৰাহুল গান্ধী আৰু খাৰ্গেক। লগতে জাতি-জনগোষ্ঠীয় গীত-নৃত্যৰে আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে কৰা হয় সঁহাৰি প্ৰদান।

বিমান বন্দৰৰ পৰা গুৱাহাটী মহানগৰীৰ কিৰণশ্ৰী হোটেললৈ ৰাওনা হয় কংগ্ৰেছৰ শীৰ্ষ নেতাদ্বয়। হোটেলত অনুষ্ঠিত হৈছে দলৰ ৰাজনৈতিক পৰিক্ৰমা কমিটী (PAC) আৰু জ্যেষ্ঠ নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত থাকে দলৰ সকলো বিধায়ক, সাংসদ আৰু জিলা কংগ্ৰেছ সভাপতি।

বৈঠকৰ অন্তত অনুষ্ঠিত হ’ব জাতি-জনগোষ্ঠীয় বিভিন্ন নেতাৰ সৈতে মত-বিনিময় সভা।

এই সন্দৰ্ভত গৌৰৱ গগৈয়ে স্পষ্ট কৰে – “এইবাৰ সংখ্যালঘুৰ স্বাভিমান, সুৰক্ষা আৰু আৱেগৰ বাবে কংগ্ৰেছ দলে দৃঢ় যুঁজ লড়িব। অসমত সমষ্টিগত অধিকাৰ আৰু ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ সদায় জনগণৰ কাষত থাকিব।”
