Breaking

অসমৰ ১০০ গৰাকী বিশিষ্ট ব্যক্তিলৈ পত্ৰ প্ৰেৰণ ৰাহুল গান্ধীৰ

0 34

ভাৰত জোড়ো ন্যায় যাত্রাত অহা বাধা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি এই যাত্রা সফল কৰি তুলিবৰ বাবে অসমৰ ১০০ গৰাকী বুদ্ধিজীৱি আৰু বিশিষ্ট ব্যক্তিয়ে ৰাইজ আৰু চৰকাৰৰ প্ৰতি এক আহ্বান জনাইছিল।

ড° নগেন শইকীয়া, কুলদা কুমাৰ ভট্টাচাৰ্য, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, কুলেন্দু পাঠক, তপোধীৰ ভট্টাচাৰ্য, দীনেশ চন্দ্ৰ গোস্বামী, অজিত কুমাৰ ভূঞা, অপূৰ্ব কুমাৰ বৰুৱা, উদয়াদিত্য ভৰালী, নিত্য বৰা প্ৰমুখ্যে ১০০ গৰাকী অসমৰ বিশিষ্ট ব্যক্তিয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্রতি দেখুওৱা আস্থা আৰু সঁহাৰিৰ বাবে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা, সাংসদ ৰাহুল গান্ধীয়ে অসমৰ এই চিন্তাবিদসকলক ধন্যবাদ জনাই প্রতিজনলৈকে ব্যক্তিগতভাবে একোখনকৈ পত্ৰ প্ৰেৰণ কৰিছে।

অসম প্রদেশ কংগ্ৰেছৰ নিষ্ঠাৱান কর্মীসকলে এই পত্রসমূহ বিশিষ্ট লোকসকলক নিজ হাতে অৰ্পণ কৰিছে। অসম প্রদেশ কংগ্রেছ কমিটিয়ে ভাৰত জোড়ো ন্যায় যাত্রাত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱা অসমৰ জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply