বিহাৰ (rahul gandhi vs himanta biswa sarma) বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই বিশাল সফলতা অৰ্জন কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ লগতে দলটোৰ বহু প্ৰভাৱশালী নেতাই বিহাৰত প্ৰচাৰ চলায়ো কংগ্ৰেছৰ ভাগ্য উদয় কৰিব নোৱাৰিলে। এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে – ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব।বিহাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে ৰাহুল গান্ধী য’তেই যাব, তাতেই কংগ্ৰেছ হাৰিব। ৰাহুলক বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ।

