Breaking

সদৌ অসম আন্ত:জিলা মুকলি দবাত তৃতীয়বাৰলৈ চেম্পিয়ন ৰাহুল

0 118

৪৬ সংখ্যক সদৌ অসম আন্ত:জিলা মুকলি দবা প্ৰতিযোগীতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কাছাৰৰ ৰাহুল চ’ৰম সিঙৰ। দবা প্ৰতিযোগিতা খনৰ চূড়ান্ত তথা নৱম ৰাউণ্ডত অভিযুক্ত নীলভজ্যোতি বৰঠাকুৰে মুখা মুখি হোবা তীব্ৰ প্ৰতিদ্বন্দ্বীতামূলক খেলত শেষ হাঁহি মাৰে ৰাহুলে।

প্ৰতিযোগিতাৰ ৯ ৰাউণ্ডৰ খেলত ৮ পইণ্ট সংগ্ৰহ কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে অসমৰ প্ৰতিভাসম্পন্ন দবাৰু ৰাহুল চ’ৰম সিঙে।ৰাহুলে ২০১৬ আৰু ২০১৭ চনত চেম্পিয়ন হৈছিল। প্ৰতিযোগীতাখনত ৭ পইণ্টকৈ লাভ কৰি দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰে ক্ৰমে ডিব্ৰুগড়ৰ আভাস ৰম্য হাজৰিকা(৭), শিৱসাগৰৰ শান্তনু বৰপাত্ৰ গোঁহাই (৭) আৰু তন্ময় ৰাজবংশীয়ে।

পশ্চিম কাৰ্বিআংলং দবা সন্থাৰ উদ্যোগত জিলাখনৰ দংকামোকামৰ টাউন ক্লাবত ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুস্থিত হৈছিল আন্ত:জিলা দবা প্ৰতযোগিতাখন। বিজয়ী খেলুৱৈসকলক বঁটা আৰু নগদ ধন পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানত কাৰ্বিআংলং স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰাংহাং, সাংসদ হৰেণ সিং বে’, বিধায়ক ৰূপসিং টেৰণে উপস্থিত থাকি খেলুৱৈসকলক বঁটা প্ৰদান কৰে।

আনহাতে, প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ পুৰুষ দল আৰু শ্ৰেষ্ঠ জিলা দলৰ খিতাপ দখল কৰে ক্ৰমে কাছাৰ আৰু পশ্চিম কাৰ্বিআংলং জিলাই। উল্লেখ্য, অসমৰ ১৪খন জিলাৰ ৯০গৰাকী দবাৰুৱে অংশগ্ৰহণ আন্ত:জিলা দবা প্ৰতিযোগিতাখন সুচাৰু ৰূপে পৰিচালনা কৰে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে।

অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰে- প্ৰদীপ চন্দ্ৰ ডেকা, মাণ্ডলিক সম্পাদক, সদৌ অসম দবা সন্থা, ফোন-৭০০২৩৪৪২৫০

Leave A Reply