Breaking

ধুবুৰীৰ এ এম কোঃ ৰোডৰ ইছলাম নগৰত অভিযান : ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ ।

0 1,022

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী আৰক্ষীৰ এটা সজাতি দলে ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চলৰ ইছলাম নগৰত অভিযান চলাই ব্ৰাউন চুগাৰ, কণ্টেইনাৰ, হুকা, কফ চিৰাফ আৰু বিভিন্ন ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি ইছলাম নগৰ অঞ্চলত ড্ৰাগছৰ পেডলাৰ আৰু ড্ৰাগছ মাফিয়াৰ আড্ডা চলি আছিল বহু দিন ধৰি। তেনে সময়ত এক গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী আৰক্ষীৰ এটা সজাতি দলে মাৰাথন অভিযান চলাইমিৰ চেলিম আৰু ছোহেল শেখ ক আটক কৰে । অধিক তথ্যৰ  বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।ইপিনে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা বুলি উল্লেখ কৰে ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী ৰোজী ৰাণী শৰ্মাই। 

Leave A Reply