Raijor Dal : গৰুখুটি উচ্ছেদিত লোকৰ পুনঃসংস্থাপনক লৈ ৰাইজৰ দলৰ সংবাদমেল

দৰং: Raijor Dal গৰুখুটিৰ পৰা উচ্ছেদিত লোকসকলৰ পুনঃসংস্থাপনৰ বিষয়ত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি দৰং জিলা ৰাইজৰ দলে বুধবাৰে মঙলদৈ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে।

সংবাদমেলত দলটোৱে অভিযোগ কৰে যে গৰুখুটি, আতাকাটা, কাচিচৰ আৰু মাগুৰমাৰী অঞ্চলৰ উচ্ছেদিত লোকসকলে বৰ্তমান সময়ত অতি কষ্টকৰ পৰিস্থিতিত জীৱন নিৰ্বাহ কৰি আছে। মৌলিক অধিকাৰ আৰু জীৱন যাপন কৰাৰ বাবে প্রয়োজনীয় সুবিধাসমূহৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিছে এইসকল পৰিয়ালে।

সংবাদমেলত জানিব পৰা মতে, উচ্ছেদিত লোকসকলৰ একাংশে পুনঃসংস্থাপনৰ বাবে দালালৰ হাতত ধন দিবলগীয়া হৈছে। এই বিষয়ে ৰাইজৰ দলে গভীৰ উদ্বেগ প্ৰকাশ কৰে।

এই সন্দৰ্ভত দৰং জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ এখন স্মাৰকপত্ৰো প্ৰেৰণ কৰিছে দলটোৱে। স্মাৰকপত্ৰত চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, প্ৰতিটো উচ্ছেদিত পৰিয়ালক এবিঘা ভূমি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

দলটোৱে চৰকাৰক আহ্বান জনায় যাতে সংবিধানত সুনিৰ্দিষ্ট মৌলিক অধিকাৰসমূহৰ আলোকে উচ্ছেদিত লোকসকলক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাৰ সুবিধা নিশ্চিত কৰা হয়।

সংবাদমেলত ৰাইজৰ দলৰ দৰং জিলা সমিতিৰ সভাপতি ঘনশ্যাম ৰাজবংশী, লগতে আন জিলা বিষয়ববিয়াসকলো উপস্থিত থাকে।

Related Articles