সোণাপুৰৰ পৰা চামতা হৈ পবিতৰালৈ যোৱা লোকৰ বাবে সুখবৰ! মুকলি হ’ল চামতাৰ বমানিত নিৰ্মিত ৰে’লুৱে উৰন সেতু…

সোণাপুৰৰ পৰা চামতা হৈ পবিতৰালৈ যোৱা লোকৰ বাবে সুখবৰ। ৪ বছৰ ৬ মাহৰ অন্তত বুধবাৰে ৰাইজৰ বাবে আনুষ্ঠিনিক ভাবে  মুকলি কৰে চামতাৰ বমানিত নিৰ্মিত ৰে’লুৱে উৰন সেতু। ৭২ কোটি টকাৰে নিৰ্মিত ৰেলুৱে উৰন সেতু ৰঙা ফিটা কাটি শুভ  উদ্বোধন কৰে প্ৰাঞ্জিৎ ডেকাই।

উল্লেখ্য যে ৰে’লুৱে ক্ৰচিংতোত এখন উৰন সেতু নথকাত যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ৰাইজ যথেষ্ট সমস্যাৰ সন্মূখীন হবলগিয়া হৈছিল।বিশেষকৈ পবিতৰা অভয়াৰণ্য সংযোগী উক্ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথটোত ৰেল লাইনটোৰ বাবে মানুহে বহু সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।তেনেক্ষেত্ৰত ৰে’ল লাইনৰ ওপৰত নিৰ্মিত উৰন সেতু বুধবাৰৰ পৰা  মুকলি কৰি দিয়াত ৰাইজ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ঠ উপকৃত হ’ব।৬৫০ মিটাৰ দৈৰ্ঘ্যৰ উৰন সেতুৰ   মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰেল বিভাগৰ বিষয়াৰ লগতে বাবুল নাথ আৰু বিষ্ণু নেওগ।

Related Articles