Breaking

বালাসোৰ দুৰ্ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰীৰ মন্তব্য – ‘দুৰ্ঘটনাৰ কাৰণ জানিব পৰা গৈছে, তদন্ত সম্পূৰ্ণ’…

0 112

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ওড়িশা ৰে’ল দুৰ্ঘটনাৰ কাৰণ জানিব পৰা গৈছে, তদন্ত শেষ। ইয়াৰ প্ৰতিবেদন অতি সোনকালে দাখিল কৰা হ’ব। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ওড়িশা ৰে’ল দুৰ্ঘটনাক লৈ ডাঙৰ বিবৃতি দিলে। ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্ঘটনাৰ কাৰণ আমি জানিব পাৰিছো। ইয়াৰ তদন্ত সম্পূৰ্ণ হৈছে। শীঘ্ৰে প্ৰতিবেদন দাখিল কৰা হ’ব। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বালাসৌৰ দুৰ্ঘটনাস্থলীত চলি থকা মেৰামতিৰ কাম পৰিদৰ্শন কৰে। অশ্বিনী বৈষ্ণৱে কয় যে কালি প্ৰধানমন্ত্ৰীয়ে দিয়া নিৰ্দেশনা অনুসৰি কাম দ্ৰুতগতিত চলি আছে। যোৱা নিশা এটা ট্ৰেকৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আজি এটা ট্ৰেক সম্পূৰ্ণৰূপে মেৰামতি কৰাৰ প্ৰয়াস কৰা হৈছে। সকলো বগী আঁতৰাই পেলোৱা হৈছে। কোচৰ পৰা আটাইকেইটা মৃতদেহ উলিয়াই দিয়া হৈছে। কামবোৰ দ্ৰুতগতিত চলি আছে।

আজি পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৰে’ল মন্ত্ৰীগৰাকী। বালাসোৰ দুৰ্ঘটনাৰ ৩৭ ঘন্টা পাৰ হৈ গ’ল। বালাসোৰত উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে। এতিয়া ট্ৰেক মেৰামতিৰ কাম চলি আছে। ২৮৮ জন লোকৰ মৃত্যু হৈছে, বৰ্তমান ৩৮২ জন আহত লোকৰ চিকিৎসা চলি আছে। আজি পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হ’ল ৰে’ল মন্ত্ৰী। এই উপলক্ষে তেওঁৰ সৈতে বিষয়াৰ এটা দলো দেখা যায়। ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে ৰে’লপথ মেৰামতিৰ কাম চলি আছে। যিমান পাৰি সোনকালে সেৱা পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰা ‘হব।

জানি লওক বালাসোৰ দুৰ্ঘটনাত আহত হোৱা ৭৯৩ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। আহতসকলক সহায়ৰ বাবেও আগবাঢ়ি আহিছে লোকসকল। এদিনতে ৩ হাজাৰ ইউনিটতকৈ অধিক ৰক্তদান কৰা হয়। ইফালে অশ্বিনী বৈষ্ণৱেও বিৰোধীৰ পদত্যাগৰ দাবীৰ প্ৰতি সঁহাৰি জনাইছে। তেওঁ কয় যে প্ৰথমে মানুহৰ জীৱন ৰক্ষা কৰাটো আমাৰ প্ৰথম কাম। একে সময়তে আজি ভুৱনেশ্বৰত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়া। তেওঁ এইমছ আৰু কটকৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। আহতসকলক দিয়া চিকিৎসা সাহায্যৰ বিষয়েও বুজ ল’ব।

Leave A Reply