অন্তঃসত্ত্বা আছিল নেকি সোনম ৰঘুবংশী? চিকিৎসা পৰীক্ষাত পোহৰলৈ আহিল সঁচা তথ্য । Raja Raghuvanshi Murder Case

১১ জুন:Raja Raghuvanshi Murder Case
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত মুখ্য অভিযুক্ত হিচাপে চিনাক্ত হোৱা সোনম ৰঘুবংশীক মঙলবাৰে নিশা শ্বিলঙলৈ অনা হয়। শ্বিলঙত উপস্থিত হোৱাৰ পাছতে তৎক্ষণাৎ গণেশ দাস হাস্পতালত চিকিৎসা পৰীক্ষা কৰা হয়। এই পৰীক্ষাত সোনমৰ প্ৰেগনেঞ্চী টেষ্ট নেগেটিভ পোৱা গৈছে।

আৰম্ভণিতে আৰক্ষীয়ে সন্দেহ কৰিছিল যে সোনম গৰ্ভৱতী হ’ব পাৰে, কিন্তু চিকিৎসা প্ৰতিবেদনে নিশ্চিত কৰে যে সোনম অন্তঃসত্ত্বা নহয়। সম্প্ৰতি সোনমক আৰক্ষীৰ গেষ্ট হাউচত ৰাখি তদন্ত চলাই থকা হৈছে।

আনহাতে, বুধবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত উপস্থিত কৰা হয় হত্যাকাণ্ডৰ সৈতে জড়িত আন ৪ অভিযুক্ত— ৰাজ কুছৱাহা, বিকি ওৰফে বিশাল ঠাকুৰ, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুতক। ইন্দোৰৰ পৰা দিল্লী, তাৰপিছত গুৱাহাটী আৰু গুৱাহাটীৰ পৰা সোধপুচৰ বাবে শ্বিলঙলৈ লৈ যোৱা হয় তেওঁলোকক।

শ্বিলঙত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পিছত দিনৰ ১২ বজাত আদালতত হাজিৰ কৰা হ’ব। মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি, চেৰাপুঞ্জীত হত্যাকাণ্ড সংঘটিত হোৱা স্থানত ‘ক্ৰাইম চীন ৰিক্ৰিয়েচন’ কৰা হ’ব, যাতে তদন্তৰ দিশ অধিক স্পষ্ট হয়।

উল্লেখযোগ্য যে, ৭ জুন ‘অপাৰেচন হনিমুন’ৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল মেঘালয় আৰক্ষীয়ে। তাৰ লগে লগে ৮ জুনত মধ্যপ্ৰদেশলৈ যাত্ৰা কৰিছিল ২০জনীয়া এটা বিশেষ দল।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ৰাজা ৰঘুবংশীক হত্যাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল সোনম ৰঘুবংশী আৰু ৰাজ কুছৱাহাই মিলি। মেঘালয়, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰা হৈছে অভিযুক্তক।

তদন্ত অব্যাহত — আগন্তুক দিনত বহু গুৰুত্বপূর্ণ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা।

Related Articles