ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ “৩ বছৰে ৰাজক ৰাখী পিন্ধাইছিল সোনমে” – বিস্ফোৰক মন্তব্য সোনমৰ ভাতৃ গোবিন্দৰ, দোষীক ফাঁচীৰ দাবী । Raja Raghuvanshi Murder Case

১১ জুনঃRaja Raghuvanshi Murder Case । দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা ৰঘুবংশী হত্যাকাণ্ডত নতুন মোড় লৈছে। ইতিমধ্যে SITৰ জেৰাত সোনম ৰঘুবংশীসহ ৪ অভিযুক্তে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ পাছত, এতিয়া ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সৈতে দেখা কৰি বিস্ফোৰক মন্তব্য কৰিলে সোনমৰ ভাতৃ গোবিন্দ ৰঘুবংশীয়ে।

গোবিন্দে ৰাজাৰ মাকৰ সৈতে সাক্ষাৎ কৰি সান্ত্বনা জনাই ক’লে —
“ৰাজা মোৰ বহুত মৰমৰ আছিল। মই সোনমৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিছো। মই ৰাজাৰ পৰিয়ালৰ সৈতে সদায় থাকিম। পৰিয়ালটোত ৰাজাৰ অভাৱ মই পূৰণ কৰিম।”

গোবিন্দে জানিবলৈ দিয়ে —
“সোনমে মোক আৰু ৰাজক একেলগে ৩ বছৰে ৰাখী পিন্ধাইছিল। সোনম আৰু ৰাজৰ সম্পৰ্কৰ কথা মই যদি আগতে জানিলোহেঁতেন, তেন্তে মই ৰাজক কামত নাৰাখিলোহেঁতেন।”

তেওঁ কয় যে সোনমৰ বিয়া পূৰ্বে কোনো প্ৰেমৰ সম্পর্ক নাছিল বুলি তেওঁ বিশ্বাস কৰিছিল।
“বিয়াৰ দুমাহ পূৰ্বৰে পৰা বজাৰ কৰিছিল সোনমে। নিজৰ বিয়াক লৈ সুখী আছিল। সোনমে গাজীপুৰৰ ধাবাৰ পৰা মোক ফোন কৰিছিল। তেতিয়া ফোনত কথা পাতি মই নিশ্চিত হৈছিলোঁ যে সোনম দোষী। তাৰ পাছতে মই নিজেই আৰক্ষীক খবৰ দিছিলোঁ।”

সোনমৰ সৈতে ৰাজ কুছৱাহাৰ সম্পৰ্ক সন্দৰ্ভত গোবিন্দৰ মন্তব্য —
“ৰাজ আমাৰ কোম্পানীৰ কৰ্মচাৰী আছিল। সোনমক বিয়া দিয়া আগতে ৰাজে যদি মাতৃক ভাবুকি দিছিল, তেন্তে মায়ে বিয়া নিদিলেহেঁতেন।”

হানিমুনত গ’লে স্বামীক হত্যা কৰাৰ ঘটনা শুনি হতভম্ব গোবিন্দে সোনমৰ বাবে কঠোৰতম শাস্তিৰ দাবী জনাই —
“সোনম যেন ফাঁচী পায়। এনে জঘন্য কাণ্ডৰ সাজা একমাত্ৰ মৃত্যুদণ্ড হওঁক।”

সোনমৰ ভাতৃৰ এই বিস্ফোৰক মন্তব্যৰ পিছত তদন্তখন অধিক গভীৰ হ’বলৈ লৈছে। আৰক্ষীয়ে ইতিমধ্যে শ্বিলঙত মেডিকেল পৰীক্ষা, হোটেল চিচিটিভি ফুটেজ, আৰু মোবাইল কল ৰেকৰ্ডৰ জৰিয়তে তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে।

ৰাইজৰ প্ৰশ্ন – “যিসকলৰ মনৰ ভিতৰতে বিশ্বাসঘাতকতা আৰু নৃশংসতা থাকে, তেওঁলোকে হানিমুনৰ নামত হত্যা কৰিব পাৰে নেকি?”

ঘটনাৰ পিছত গোটা দেশজুৰি এক উত্তেজনাপূর্ণ বাতাবৰণ সৃষ্টি হৈছে আৰু ৰঘুবংশী পৰিয়ালৰ ন্যায়ৰ বাবে বহু ৰাইজে সোচ্চাৰ হৈ পৰিছে।

Related Articles