২৩ জুন, ২০২৫: RAJA RAGHUVANSHI MURDER CASE ।
ৰাজা ৰঘুবংশী হত্যাকাণ্ড যি ৰূপত দিনক দিনে অধিক নাটকীয় আৰু ৰহস্যজনক ৰূপ ল’ব ধৰিছে, তাৰ প্ৰতি দৰ্শকৰো আগ্ৰহ বৃদ্ধি পাইছে। ঘটনা কেন্দ্ৰ কৰি এখন চলচ্চিত্ৰ নিৰ্মাণৰ চিন্তা আৰম্ভ হোৱাৰ খবৰে সামাজিক মাধ্যমত আলোচনা তীব্ৰ কৰিছে সামাজিক মাধ্যমত ।

সোনম ৰঘুবংশীৰ নাটকীয় জীৱনযাত্ৰা, হত্যাকাণ্ডৰ গুপ্ত ৰহস্য, ষড়যন্ত্ৰ, আৰু তদন্তত ওলোৱা নতুন নতুন তথ্য — সকলো মুঠৰূপে এটা হিন্দী থ্ৰিলাৰ বা ড্ৰামা চিনেমাৰ উপযুক্ত চিত্ৰনাট্য। কেৱল এটা হত্যাকাণ্ড নহয়, এই ঘটনাই সমাজত চৰ্চা জন্মাইছে — বিশ্বাসঘাতকতা, সম্পত্তি, অনৈতিক সম্পর্ক, আৰু ব্যৱস্থাপনাগত গাফিলতিৰ এক জটিল কাহিনী হিচাপে।
ইফালে, সামাজিক মাধ্যমত ইতিমধ্যে বহু পেজ, ইউটিউব চেনেল আৰু পডকাষ্ট প্লাটফৰ্মত “#SonamMurderMystery”, “#WhoKilledRaja”, “#SonamSaga” আদি হেছটেগেৰে কন্টেণ্টৰ বান অহা দেখা গৈছে। বহুজনেই মত প্ৰকাশ কৰিছে — “এইটো থ্ৰিলাৰ চিনেমা নহ’লে আন কি?”
অভিনেত্ৰী তথা বলিউডৰ এখন প্ৰসিদ্ধ প্ৰযোজনা সংস্থাই এতিয়া এই ঘটনাৰ উপৰত নিৰ্ভৰ কৰি ওটিটি চিনেমা নিৰ্মাণৰ সম্ভাৱনা পৰ্যালোচনা কৰিছে বুলি চৰ্চা। ইতিমধ্যে কিছু কাস্টিং আইডিয়াও ঘূৰি ফুৰিছে অনলাইনত —চৰ্চা হৈছে কঙ্গনা অভিনয় কৰিব পাৰে সোনমৰ ভূমিকাত ! আনহাতে ৰাজাৰ চৰিত্ৰত জন আব্ৰাহাম বা বিক্ৰান্ত মাচী ভাবনা।
আপুনি বাৰু এই ছবিখন চবনে ?
এতিয়া এইটো প্ৰশ্নও সামাজিক মাধ্যমত বহলাইছে। কিছু লোকে কৈছে — “বাস্তৱিক ঘটনা দেখি অভ্যস্ত হ’লো, চিনেমাতো নিশ্চয় চাবই লাগিব।” আনহাতে কিছুমানে এই ধৰণৰ আধাৰিত নাটকীয় উপস্থাপনাৰ নৈতিকতা লৈও প্ৰশ্ন তুলিছে।
যেই নহওক, এই ঘটনাই সামাজিক, মানসিক, আৰু সাংস্কৃতিক ক্ষেত্ৰতো এক দৃষ্টান্ত স্থাপন কৰিছে — যেন বাস্তৱ নিজেই এখন শ্ব’ হৈ পৰিছে।