Breaking

অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ অষ্টম কেন্দ্ৰীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ৰাজবীৰ সিং

0 38

২০ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ শান্তি উদ্যানত আয়োজিত অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ অষ্টম কেন্দ্ৰীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত দ্বিতীয় দিনা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ৰাজবীৰ সিং৷

অুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে ৷ বুধবাৰে দ্বিতীয় দিনাৰ মুকলি অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ পিছতে উপাধ্যক্ষ ৰাজবীৰ সিঙে ভাষণত কয়, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ২০৩ বছৰ গৰকা অসমীয়া শিখ সকলক প্ৰথম বাৰৰ বাবে ইতিহাস ৰচনা কৰি চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ উপাধ্যক্ষৰ দৰে পদত অধিষ্ঠিত কৰি ৰাজনৈতিক ভাৱে স্বীকৃতি প্ৰদান কৰিলে’।

ঠিক একেদৰে দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক স্থান দিয়াৰ পৰিকল্পনাৰে সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়নৰ ধাৰা অব্যাহত ৰখা মুখ্যমন্ত্ৰী গৰাকীয়ে অনুসুচীত জাতিৰ সমস্যা সমূহো ক্ৰমান্বয়ে সমাধান কৰিব সেয়া নিশ্চিত বুলি ভাষণত প্ৰকাশ কৰে ৷

Leave A Reply