মনোকামনা মন্দিৰত সেৱা ল’লে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে…

আজি পশ্চিম কাৰ্বি আংলং জিলাৰ মউছালদিঙত অৱস্থিত মনোকামনা মন্দিৰত সেৱা লই অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে ৷ জাগ্ৰত মনোকামনা মন্দিৰত পৰিয়ালসহ উপস্থিত হৈ উপাধ্যক্ষ সিঙে এখন শৰাই আগবঢ়াই নিজৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰি প্ৰাৰ্থনা জনায় ৷

জাগ্ৰত মন্দিৰত মনোকামনা মাৰ বিগ্ৰহ প্ৰতিবছৰে বাঢ়ি যোৱাৰ প্ৰত্যক্ষ কৰি এতিয়া দেশ বিদেশৰ ভক্তৰ সমাগম ঘটিব ধৰিছে ৷

Related Articles